মৰ্মান্তিক : স্কুল ভেনৰ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰি কিশোৰ ছাত্ৰৰ 

WhatsApp Image 2022 08 22 at 4.44.25 PM

আজি পুৱা সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে । এখন স্কুল ভেন দুৰ্ঘটনাত পতিত হোৱাত চাৰিজনকৈ স্কুলীয়া ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ১১ জনকৈ ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে ।

মধ্যপ্ৰদেশৰ নাগদাত আজি পুৱা ১৫ জনকৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া এখন স্কুল ভেন আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত ভেন আৰু ট্ৰাকৰ চালক দুজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । ঘটনা সন্দৰ্ভত উজ্জয়িনৰ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ শুক্লাই জানিবলৈ দিয়া মতে , নাগদাৰ ফাতিমা কনভেন্টৰ এখন স্কুল ভেন পুৱাৰ ভাগত ছাত্ৰ-ছাত্ৰী লৈ বিদ্যালয় অভিমুখে আহি থকা অৱস্থাত উনহেল চহৰৰ জিৰনিয়া ফাটাত বিপৰীতমুখী এখন তীব্ৰ বেগী ট্ৰাকে মুখামুখিকৈ খুন্দা মৰাৰ ফলত এই মৰ্মান্তিক ঘটনা সংঘটিত হয় ।

ঘটনাস্থলীত স্থানীয় লোকে ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰী সকলক উদ্ধাৰ কৰি উজ্জয়িন,নাগদা আৰু ইন্দোৰৰ হাস্পাতালত ভৰ্ত্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত ৪ জনকৈ ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হয় । বৰ্তমান আহত সকলৰ চিকিৎসা চলি আছে যদিও সংকটমুক্ত নহয় বুলিও হাস্পাতাল কৰ্তৃপক্ষই সদৰি কৰিছে । মৃত্যু হোৱা চাৰি ছাত্ৰ ষষ্ঠৰ পৰা দশমমান শ্ৰেণীত পঢ়ি থকাৰ লগতে আনুমানিক বয়স ১০ৰ পৰা ১৫ বছৰৰ ভিতৰত হ’ব বুলিও জানিবলৈ দিয়ে ।

ৰাজ্যখনৰ লগতে দেশজুৰি শোকৰ ছাঁ পেলোৱা এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই হৃদয় বিদাৰক ঘটনাই প্ৰাণ কাঢ়ি নিয়া চাৰি ছাত্ৰৰ হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

Exit mobile version