IS Terrorist : আত্মঘাতী বিস্ফোৰণ ঘটাই ভাৰতীয় নেতাক হত্যাৰ পৰিকল্পনা, ৰাছিয়াত আটক আইএছ সন্ত্ৰাসবাদী

Terrorist 1

ভাৰতত আত্মঘাতী বিস্ফোৰণ ঘটাই শাসক শিবিৰৰ কোনো জনপ্রতিনিধিক হত্যাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটছ (আইএছ)-ৰ স’তে জড়িত এজন ব্যক্তিয়ে । অৱশ্যে পৰিকল্পনা কার্যকৰ কৰাৰ পূৰ্বেই ৰাছিয়াত ধৰা পৰিল সন্ত্ৰাসবাদীজন । সেই দেশৰ প্রধান নিৰাপত্তা সংস্থা ফেডাৰেল ছিকিউৰিটি ছার্ভিচে তেওঁক গ্রেপ্তাৰ কৰিছে বুলি দাবী সংস্থাটোৰ ।

এটা বিজ্ঞপ্তি দি ৰাছিয়াত এই নিৰাপত্তা সংস্থাই জনায়, ৰাছিয়াত ইছলামিক ষ্টেটছৰ এজন সদস্যক প্রথমে চিনাক্ত আৰু পাছত আটক কৰা হৈছে । বিজ্ঞপ্তিত কোৱা হৈছে, তদন্তত তথ্যপ্রমাণ পোৱা গৈছে যে, ব্যক্তিজনে ভাৰতত গৈ আত্মঘাতী বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল । এই বিজ্ঞপ্তিত আৰু কোৱা হয় যে, আইএছ-ৰ সর্বোচ্চ নেতাৰ ওচৰত সন্ত্ৰাসবাদী সংগঠনটোৰ প্রতি সর্বদা অনুগত থকাৰ শপত লৈছিল ব্যক্তিজনে ।

আইএছ-ৰ তৰফৰ পৰা তেওঁক প্রয়োজনীয় নথি লৈ দ্রুত ৰাছিয়াৰ পৰা ভাৰতত পঠিওৱাৰ নির্দেশ দিয়া হয় । আটক ব্যক্তিজন মধ্য এছিয়াৰ এখন দেশৰ বাসিন্দা বুলি দাবী কৰিছে নিৰাপত্তা সংস্থাটোৰ সূত্ৰ‌ই ।

Exit mobile version