শিলচৰৰ কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক গ্ৰেপ্তাৰ কৰাৰ লগতে অধ্যাপক স্বদেশ ৰঞ্জন দাসক শাৰীৰিক অপদস্থৰ বিৰুদ্ধে মঙ্গলবাৰে কলেজৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে । ছাত্ৰ-ছাত্ৰী সকলে জিলা প্ৰশাসনক কাছাৰ কলেজলৈ আহি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনায়।মন কৰিবলগীয়া যে,২১ আগষ্টৰ চতুৰ্থ বর্গৰ পৰীক্ষাৰ দিনা শিলচৰৰ কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক দায়িত্বত হেমাহি কৰাৰ অভিযোগত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তদুপৰি জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে দৰ্শন বিভাগৰ অধ্যাপক স্বদেশৰঞ্জন দাসক শাৰীৰিক অপদস্থৰ ঘটনা পোহৰলৈ অহাত কলেজখনৰ ছাত্ৰ-ছাত্ৰীসকলে ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি গৰিহণা জনায়। আৰক্ষীয়ে অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক চৰ্তসাপেক্ষে মুকলি কৰি দিছে যদিও দৰ্শন বিভাগৰ অধ্যাপক স্বদেশৰঞ্জন দাসক শাৰীৰিক অপদস্থৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে। তদুপৰি জিলা প্ৰশাসনে ৰাজহুৱা ভাৱে ক্ষমা নিবিচাৰিলে অহা ২৮ আগষ্টৰ দিনা কলেজখনত তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব বুলি সকিয়নী দিয়ে ছাত্ৰ ছাত্ৰীয়ে।
অধ্যক্ষক গ্ৰেপ্তাৰ আৰু অধ্যাপকক শাৰীৰিক অপদস্থৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
-
By publisher
- Categories: Assam, News
- Tags: SilcharStudent Protest
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026