আজিৰে পৰা গুৱাহাটী মহানগৰীত সংযোগ হৈছে চি চি টিভি কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইটৰ ব্যৱস্থা । মুঠ ৯৬ টা স্থানত এই নতুন চিগনেল ব্যৱস্থা স্থাপন কৰিছে মহানগৰ আৰক্ষীৰ যান-বাহন বিভাগে ।এই ব্যৱস্থা অনুসৰি এতিয়াৰ পৰা কোনো লোকে যান-বাহন নীতি-নিৰ্দেশনা ভংগ কৰিব নোৱাৰিব । যদি কোনো লোকে এই নীতি-নিৰ্দেশনা ভংগ কৰে ,তেন্তে যান-বাহন আৰক্ষীৰ চকুৰ পৰা সাৰি যাব নোৱাৰিব । যিহেতু চিগনেল লাইটৰ লগত সংলগ্ন হৈ থকা কেমেৰাত সকলো দৃশ্য বন্দী হ’ব ।
যান-বাহন সুৰক্ষা আইনৰ অধীনত কোনো লোকে যদি এই নিয়ম ভংগ কৰে, তেন্তে লগে লগেই ব্যক্তি জনৰ মোবাইললৈ এটা মেচেজ যাব । যি মেচেজৰ যোগেদি ব্যক্তিজনক তেওঁ আইন উলংঘন কৰা বাবে দোষী সাব্যস্ত কৰি জৰিমনা বিহাৰ কথা উল্লেখ থাকিব । যদি আইন ভংগকাৰী জনে এই নিৰ্দেশ অমান্য কৰে ,তেন্তে তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
গুৱাহাটী মহানগৰীত আজিৰে পৰা সংযোগ হৈছে চি চি টিভি কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট
