ধৰণীখন অধিক সেউজীয়া কৰাৰ বাবে দিনে নিশাই নামি পৰিছে এজন আৰক্ষী বিষয়াই গছপুলি ৰোপনৰ দৰে মহান আৰু প্ৰশংসনীয় এক কাৰ্যত । বিষয়া গৰাকী হ’ল মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মুকুট কাকতি | সম্প্রতি বিষয়া গৰাকীয়ে থানাখনৰ অন্তৰ্গত বিভিন্ন প্রান্তত ৰোপন কৰিছে প্রায় পাচঁ হাজাৰৰো অধিক বিভিন্ন ধৰণৰ ফলমূলকে ধৰি বিভিন্ন মূল্যৱান গছৰ পুলি | গাওঁৰক্ষী বাহিনীৰ সহযোগত স্থানীয় সমাজকৰ্মী নয়ন দাস আৰু মুকুট শইকীয়াক লগত লৈ তেওঁ অব্যাহত ৰাখিছে এই অভিযান |
মঙলদৈ সদৰ থানাত যোগদান কৰাৰ পূৰ্বে দুধনৈতো তেওঁ ৰোপন কৰা বহু গছ পুলি এতিয়া ডাঙৰ হ’বলৈ ধৰিছে | উল্লেখ্য যে পঞ্চাশ হাজাৰ গছৰ পুলি ৰোপনৰ লক্ষ্যৰে তেওঁ থানাখনৰ পৰা অকণমান আজৰি সময় পালেই দৈনিক ন ন অঞ্চলত গছৰ পুলি ৰোপন কৰি স্থানীয় ৰাইজৰ সমাদৰ আৰু সহযোগিতা লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে | তেওঁ নিজে গছ পুলি ৰোপন কৰাৰ লগতে পুলি সমূহ সুৰক্ষিত হৈ থাকিবলৈ গাঁঠিৰ ধনেৰে চেকোৱাৰ দিয়াও পৰিলক্ষিত হৈছে |
সম্প্রতি বিষয়া গৰাকীয়ে গছপুলি ৰোপন কৰাৰ ওপৰিও আন দহ জনকো গছপুলি ৰোপন কৰিবলৈ অনুপ্রাণিত কৰা দেখা গৈছে | ইপিনে তেওঁ জনসাধাৰণৰ মাজত বিতৰণ কৰিছে শ শ গছৰপুলি । সকলো শ্ৰেণীৰ জনসাধাৰণক সহজে আপোন কৰি ল’বলৈ সক্ষম হোৱা দক্ষ আৰু সাহসী আৰক্ষী বিষয়া গৰাকীৰ এই প্ৰকৃতি প্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ শলাগ লৈছে জিলা খনৰ বিভিন্নজনে ।