ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিপদ কঢ়িয়াই এইবাৰ দিবাং জলবিদ্যুৎ প্ৰকল্প

নিশ্চিহ্ন হ’ব পাৰে মেহাও-দিবাং বন্যপ্ৰাণী অভয়াৰণ্য : অস্তিত্বৰ সংকট কঢ়িয়াইছে ইডু-মিছিমি জনগোষ্ঠীলৈ

hydropower istock 1137809 1661002341

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাছত এইবাৰ ব্ৰহ্মপুত্ৰ উপত্যকাবাসীৰ বাবে ভয়ংকৰ ভৱিষ্যতৰ আগজাননী কঢ়িয়াই আনিছে চুবুৰীয়া অৰুণাচলত নিৰ্মাণ হ’বলগীয়া আন এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প‌ই । অসমবাসীক দীৰ্ঘদিনীয়া প্ৰতিবাদকো নেওচি কেন্দ্ৰৰ বিজেপি চৰকাৰে অৰুণাচলৰ দিবাং ভেলী জিলাত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে ২৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম দিবাং জলবিদ্যুৎ প্ৰকল্প । এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৱে দিবাং ভেলীৰ বাসিন্দা ইডু আৰু মিছিমি নামৰ ক্ষুদ্ৰ জনগোষ্ঠী দুটালৈ কঢ়িয়াই আনিছে ভয়ংকৰ ভৱিষ্যৎ ।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান এনএইছপিচিয়ে নিৰ্মাণ কৰিবলগীয়া এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ইতিমধ্যে এনএইছপিচিয়ে অধিগ্ৰহণ কৰিছে ১১৫০ হেক্টৰ ভূমি । লক্ষ্যণীয় যে এই বৃহৎ পৰিমাণৰ ভূমিত বসবাস কৰি অহা অৰুণাচলৰ অতি ক্ষুদ্ৰ জনগোষ্ঠী ইডু আৰু মিছিমি লোকসকলক ৮৫০ কোটি টকা ক্ষতিপূৰণ আদায় দিছে কেন্দ্ৰীয় চৰকাৰে । অৰ্থাৎ ইডু আৰু মিছিমি নামৰ ক্ষুদ্ৰ জনগোষ্ঠীয় লোকসকলে বসবাস কৰা দিবাং ভেলীৰ এই বাসভূমি শীঘ্ৰে এৰিব লাগিব থলুৱা লোকসকলে ।

প্ৰসংগত উল্লেখ্য যে স্বয়ং অৰুণাচলবাসীয়েও এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ তীব্ৰ বিৰোধিতা কৰিছিল । ২০০৮তে এই প্ৰকল্পটোৰ পৰিকল্পনা কৰা এনএইছপিচিয়ে জৰীপ চলাবলৈ যাওঁতে স্থানীয় ৰাইজে ইয়াৰ বিৰোধিতা কৰিছিল । পৰিণতিত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৱে কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অনুমতি লাভ কৰাত বাধাৰ সৃষ্টি হৈছিল । ২০১৩ লৈ এই প্ৰস্তাৱিত প্ৰকল্পটোক লৈ স্বয়ং এনএইছপিচিয়েও অনিশ্চয়তাত ভুগিছিল যদিও ২০১৪ত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে অৰুণাচলবাসী বিৰোধিতা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে দিবাং জলবিদ্যুৎ প্ৰকল্পলৈ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰিছিল । লগে লগে এনএইছপিচিয়ে আৰম্ভ কৰিছিল প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ কাম । কেন্দ্ৰীয় চৰকাৰেও শেহতীয়াকৈ এই প্ৰকল্পটো নিৰ্মাণৰ বাবে ভূমিৰ বিপৰীতে ইডু আৰু মিছিমি সম্প্ৰদায়ৰ লোকসকলক ক্ষতিপূৰণ আদায় দিবলৈ ৮৫০ কোটি টকা মোকলাই দিয়ে ।

এনএইছপিচিয়ে অতি সন্তৰ্পণে এই প্ৰকল্পটো নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে যোৱা ১৫ আগষ্টৰ দিনা অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে শীঘ্ৰেই ২৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম দিবাং জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব ।

প্ৰসংগত উল্লেখ্য যে ২০২৫ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আৰ্হিত জলবিদ্যুতৰ সমগ্ৰ দেশৰ বিদ্যুতৰ মুঠ চাহিদাৰ ৪০ শতাংশ চাহিদা পূৰণ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ শেহতীয়াকৈ অৰুণাচলত ক্ষুদ্ৰ আৰু মজলীয়া কে’বাটাও জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ অনুমতি দিয়া হৈছে যদিও দিবাং নৈত স্থাপন কৰিবলগীয়া এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো অৰুণাচলৰ নামনি অংশৰ লগতে অসমৰো ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা লোকসকললৈ কঢ়িয়াই আনিছে ভয়ংকল ভৱিষ্যতৰ অশনি সংকেত ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান এনএইছপিচিয়ে পৰৱৰ্তী ১০৮ মাহৰ ভিতৰত দিবাং জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা যুগুতাইছে । এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোত দৈনিক ১১,২২৩ নিযুত ইউনিট বিদ্যুৎ উৎপাদন হ’ব আৰু এই বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ বাবে প্ৰস্তাৱিত প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছে অভিলেখসংখ্যক ৩৩,০০০ কোটি টকা । এনএইছপিচিৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা তথ্য মতে বিগত ২০২০ৰ মাৰ্চতে কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে এনএইছপিচিৰ স্বপ্নৰ এই প্ৰকল্পটো নিৰ্মাণত সেউজ সংকেত দিছিল । এনেদৰে যাৱতীয় সকলো অনুমতি লাভ কৰি এনএইছপিচিয়ে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ ভূমিকাক লৈ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ মাজত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে । কিয়নো অৰুণাচলৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ যিটো স্থানত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে, সেই স্থানৰ কাষতে আছে দুখনকৈ বন্যপ্ৰাণী অভয়াৰণ্য ।

প্ৰাপ্ত তথ্য মতে, এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে নামনি দিবাং ভেলী জিলাত এনএইছপিচিয়ে নিৰ্মাণ কৰিব ২৭৮ মিটাৰ গভীৰতাৰ এটা বৃহৎ ৰিজাৰ্ভাৰ । মুঠতে ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ ৰিজাৰ্ভাৰটোৰ পৰা অৰুণাচলৰ মেহাও বন্যপ্ৰাণী অভয়াৰণ্যলৈ দূৰত্ব হ’ল মাথোঁ ১৪ কিলোমিটাৰ আৰু দিবাং বন্যপ্ৰাণী অভয়াৰণ্যলৈ দূৰত্ব হ’ল ৩৫ কিলোমিটাৰ । উত্তৰ-পূৰ্বাঞ্চলৰ দৰে এটা ভূমিকম্পপ্ৰৱণ অঞ্চলত নিৰ্মাণ হ’বলগীয়া এই বৃহৎ জলভাণ্ডাৰটোত কিবা প্ৰকাৰে ফাট মেলিলে মুহূৰ্ততে নিশ্চিহ্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই দুখন বন্যপ্ৰাণী অভয়াৰণ্যত বসবাস কৰা জীৱ-জন্তুৰ ।

স্বাভাৱিকতে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোক লৈ এতিয়া শংকাত ভুগিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে প্ৰকৃতিপ্ৰেমী মহল । একেদৰে দিবাং ভেলীত বসবাস কৰা ইডু আৰু মিছিমি নামৰ ক্ষুদ্ৰ জনগোষ্ঠীয় লোকসকলৰ বাসভূমি অঞ্চলটোত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো স্থাপনৰ লগে লগে এই ক্ষুদ্ৰ জনগোষ্ঠী দুটা নিঃশেষ হোৱাৰ উপক্ৰম ঘটিব । ইফালে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সমান্তৰালকৈ এইবাৰ অৰুণাচলৰ ভূখণ্ডত স্থাপন হ’বলগীয়া দিবাং জলবিদ্যুৎ প্ৰকল্পয়ো নামনিত থকা অসমবাসীলৈ ভয়ংকৰ ভৱিষ্যৎ কঢ়িয়াই অনাটো নিশ্চিত হৈছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা-সংস্কৃতিৰ বাবে এই জলবিদ্যুৎ প্ৰকল্পটো অভিশাপ হৈ পৰাৰ সম্ভাৱনাই প্ৰৱল ।

Exit mobile version