জীৱনলৈ অহা কণ্টকময় পঠকো নেওচি সফল হ’বলৈ সক্ষম হৈছে মহানগৰৰ এজন যুৱক । বৰ্তমান তেওঁ অসমৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সমীপৰ শ্ৰীমন্তপুৰ চাৰিআলিস্থিত নিজা বাসগৃহত ‘আখল ঘৰ’ নামে আৰম্ভ কৰা হোটেলখন এতিয়া ৰাজ্যখনতে চিনাকি হৈ পৰিছে । ২০১৮ত আৰম্ভ হোৱা এই আখল ঘৰৰ আজি চতুৰ্থ বৰ্ষপূৰ্তী ।
ADVERTISEMENT
ৰাজ্যখনৰ প্ৰসিদ্ধ ব্যৱসায়ী চানীৰ জীৱনতো এসময়ত নামি আহিছিল অমানিশা । কিশোৰৰ পৰাই ব্যৱসায় কৰাৰ সপোন দেখা চানী আসক্ত হৈ পৰিছিল সুৰাৰ । কিন্তু সেই প্ৰত্যাহ্বানকো নেওচি আজি তেওঁ ৰাজ্যখনৰ এজন সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে ।