পঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তত মঙলবাৰে উদ্ধাৰ হয় অস্ত্ৰৰ ভাণ্ডাৰ ৷ সীমান্তত নিয়মীয়া টহল দি থকা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীৰ দল এটিয়ে উদ্ধাৰ কৰিবলৈ সক্ষম কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ৷
ADVERTISEMENT
পঞ্জাৱৰ ফিৰোজপুৰ খণ্ডৰ পৰা বিএছ এফে আজি পুৱতি নিশা দুটা পিষ্টল, দুটা এম থ্ৰি চাব-মেচিনগান আৰু তিনিটা একে ফৰটি চেভেন সহ আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰে ৷ বিএছএফৰ জ্যেষ্ঠ বিষয়াই জানিব দিয়া মতে সীমান্তত কুটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ বাবে সন্ত্ৰাসবাদীয়ে এইদৰে মজুত কৰি ৰাখিছিল এই অস্ত্ৰখিনি ৷