হাতে-হাতে প্লে কাৰ্ড,চিলিণ্ডাৰ লৈ শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ

WhatsApp Image 2022 08 24 at 5.17.58 PM

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰিছে কংগ্ৰছে । আজি পুৱাৰ ভাগত ছত্তীছগড়ৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক বিকাশ উপাধ্যায় শিৱসাগৰত উপস্থিত হৈ গ্ৰাহক আৰু বিক্ৰেতাসকলৰ সৈতে মত বিনিময় কৰে । কংগ্ৰেছী নেতাজনক সংগ দিয়া কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ,গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰাৰ লগতে চৰকাৰৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

ইফালে মূল্যবৃদ্ধিৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈকে এনেদৰে গ্ৰাহক তথা ব্যৱসায়ীসকলক লগ ধৰা বুলি উল্লেখ কৰে নেতাজনে । উল্লেখযোগ্য যে এ পি চি চিৰ তত্বাৱধায়ক গৰাকীয়ে শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰত দোকানে দোকানে ভ্ৰমণ কৰি চৰকাৰ বিৰুদ্ধে শ্ল’গান দি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । এই কাৰ্যসূচীত বিকাশ উপাধ্যায়ক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তসহ শিৱসাগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলে ।

Exit mobile version