২৪ ঘণ্টা নৌহওতেই বিকল মহানগৰীৰ অত্যাধুনিক ট্ৰেফিক চিগনেল

WhatsApp Image 2022 08 24 at 5.18.00 PM

২৪ ঘণ্টা নৌহওতেই বিকল হ’ল মহানগৰীৰ অত্যাধুনিক ট্ৰেফিক চিগনেল । যান-জঁট সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ কালি মহানগৰীত নতুনকৈ স্থাপন কৰিছিল চি চি কেমেৰা সংলগ্ন অত্যাধুনিক ট্ৰেফিক চিগনেল লাইটৰ ব্য়ৱস্থা । মুঠ ৯৬ টা স্থানত সংস্থাপন কৰা এই অত্যাধুনিক চিগনেল ব্যৱস্থা কালিৰ পৰা ২৪ ঘণ্টা নৌহওতেই বিকল হোৱাত সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৭৮ কোটি টকা ব্যয় সাপেক্ষে সংস্থাপন কৰা এই ট্ৰেফিক চিগনেল লাইট সমূহ মাত্ৰ ২-৩ ঘণ্টা সক্ৰিয় হৈ থকাৰ পিছতেই অচল হৈ পৰাত পুনৰ ট্ৰেফিক পুলিচে হুইচেল বজাই হাত দাঙি যান-বাহন নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । তেনেক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ দৰে মেট্ৰ’পলিটান চিটিৰ বাবে এই ব্যৱস্থা এতিয়াও উপযুক্ত হোৱা নাই বুলি চৰ্চা চলিছে সচেতন মহলৰ মাজত ।

Exit mobile version