কলিয়াবৰত নিশা চাঞ্চ্যলকৰ হত্যাকাণ্ড । নিশা জখলাবন্ধা চিকিৎসালয়ৰ সমীপত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা । চিকিৎসালয়ৰ সন্মুখৰ বিজুস্মিতা হোটেলৰ বাৰাণ্ডাত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা অৱস্থাত উদ্ধাৰ হৈছে হোটলখনৰ এজন কৰ্মচাৰীক । মৃত লোকজন হোটেল বিজুস্মিতাৰ কৰ্মচাৰী পিটু দাস বুলি চিনাক্ত কৰা হৈছে ।
উল্লেখযোগ্য যে কালি নিশাৰ পৰাই অন্তৰ্ধান হৈ আছে হোটেল খনৰ এজন শ্ৰমিক শংকৰ চৰকাৰ । তেনেক্ষেত্ৰত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত শংকৰক বিচাৰি জখলাবন্ধা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । খবৰ পাই ঘটনাস্থলীত মহকুমাধিপতি উপস্থিতি হৈ জখলাবন্ধা আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।