ই-ৰিক্সা সন্দৰ্ভত ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ নিৰ্দেশনা স্থগিত ৰাজ্য চৰকাৰৰ

WhatsApp Image 2022 08 25 at 9.14.03 PM

ই-ৰিক্সা চাৰ্জিং সন্দৰ্ভত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনস্থ ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ জাৰি কৰা নিৰ্দেশনা অৱশেষত স্থগিত ৰাখিলে ৰাজ্য চৰকাৰে । এই সন্দৰ্ভত স্পষ্টীকৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে স্পষ্ট কৰি কয় যে- ‘ই- ৰিক্সা চাৰ্জিং সম্পৰ্কত ৰহা উপ-সংমণ্ডলে জাৰি কৰা জাননী উপ-সংমণ্ডলটোৰ নিজাববীয়া জাননী আছিল। সেইয়া সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য নাছিল। সম্প্ৰতি উক্ত নিৰ্দেশনা স্থগিত ৰখা হৈছে ।’
আজি এই সন্দৰ্ভত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচায়ে কয়,ৰহা বিদ্যুৎ উপ-সংমণ্ডলে দিয়া নিৰ্দেশনা কাৰ্য্যকৰীৰ ক্ষেত্ৰত স্থগিত কৰা হৈছে ৷ এই ধৰণৰ ব্যৱস্থা কাৰ্য্যকৰী কৰণত সদ্যহতে চৰকাৰৰ কোনো অভিপ্ৰায় নাই ৷ উল্লেখ্যযোগ্য যে ৰহা বিদ্যুৎ উপ-সংমণ্ডলে কালি জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছিল ৰহা অঞ্চলৰ যিসকল বিদ্যুৎ গ্রাহকে নিজৰ ঘৰুৱা সংযোগৰ ব্যৱস্থাৰ জৰিয়তে ই-ৰিক্সাৰ বেটাৰী চাৰ্জ কৰিছে ৷ তেওঁলোকে শীঘ্ৰেই ‘এল টি ইলেক্ট্ৰনিক ভেহিকল চাৰ্জিং’ ৰ বাবে সুকীয়াকৈ অতিৰিক্ত বিদ্যুৎ সংযোগৰ আবেদনৰ আহ্বান জনাই ৷ আনকি এই নিৰ্দেশনাৰ পিছতো ঘৰুৱা সংযোগৰ পৰা ই-ৰিক্সা চাৰ্জত বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহক সকলৰ বিৰুদ্ধে ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুযায়ী ব্যৱস্থা গ্ৰহণৰ কথা গোহাৰিযোগে স্পষ্ট কৰি দিছিল ৷ ইয়াৰ পিছতে ৰাজ্য সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ এপিডিচিএলৰ এই নিৰ্দেশনাক বিভিন্ন দল- সংগঠনে তীব্ৰ সমালোচনা কৰে ৷

Exit mobile version