অসমলৈ আহি কেজৰিৱালে বান সমস্যা আৰু উগ্ৰপন্থী সমস্যাৰ বুজ লওক : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 

WhatsApp Image 2022 08 26 at 6.33.57 PM

তুংগত উঠিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শীতল যুদ্ধ । ধাৰাবাহিকভাৱে দিল্লী চৰকাৰক সমালোচনা কৰি অহা মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যাহ্বান জনাই কেজৰিৱালে টুইটযোগে অসমলৈ অহাৰ ইচ্ছাৰ কথা উল্লেখ কৰিছিল । ইয়াৰ পিছতে আজি ড° শৰ্মাই সাংবাদিকৰ সৈতে হোৱা মুখামুখিত কেজৰিৱালক আমন্ত্ৰণ জনোৱা বুলি উল্লেখ কৰি কয় যে , দিল্লীত বহি ভাষণ দিবলৈ সহজ ।

অসমৰ বাঘবৰ ,জনীয়ালৈ আহক মুখ্যমন্ত্ৰী কেজৰিৱাল। মোগল বাদশ্বাহে দিল্লীত নিৰ্মাণ কৰা ৰাজধানীত বহি কথা কোৱাতকৈ অসমলৈ আহি ইয়াৰ বানপানী আৰু উগ্ৰপন্থী সমস্যা প্ৰত্যক্ষ কৰকহি আৰু বিভাজনৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ লোক কিদৰে ভুক্তভোগী হৈছিল তাৰ বুজ লবলৈ কেজৰিৱালক আমন্ত্ৰণ জনাই । ইতিমধ্যে মুখ্যমন্ত্ৰী ড° শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ ওপৰতো মান হানিৰ গোচৰ তৰিছে ।

ইফালে, গুজৰাটত কেজৰিৱালৰ ভ্ৰমণক লৈ শংকিত হৈ পৰা বিজেপিয়ে দিল্লীৰ আপ চৰকাৰৰ বহুকেইজন মন্ত্ৰী-বিধায়কক উপঢৌকন দিয়া বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে । বিশেষকৈ কিছুদিন পূৰ্বে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই এক সংবাদমেল অনুষ্ঠিত কৰি তেওঁকো বিজেপিৰ এটা দলে উৎকোচ দি আপ চৰকাৰ ভাঙিবলৈ অনুপ্ৰাণিত কৰাৰ কথা উল্লেখ কৰিছিল । ইয়াৰপিছতে আজি পুনৰ দুই মুখ্যমন্ত্ৰীৰ এই যুঁজে দেশৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে ।

Exit mobile version