শেহতীয়াকৈ ৰাজ্যত উৎকোচ লৈ বহু বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে । শুকুৰবাৰে ধুবুৰীত উৎকোচ লোৱা সময়ত এগৰাকী শিক্ষা বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ একেদিনাই আৰু এজন ঘোচখোৰ লাটমণ্ডল হাতে-লোটে ধৰা পৰিছে । আজি দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক উৎকোচ লৈ থকাৰ সময়তে গ্ৰেপ্তাৰ কৰে । মাটিৰ মিউটেছনৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ক্ত কৰে লাট মণ্ডলজনক । সমান্তৰালকৈ আজি সৰ্বশিক্ষা অভিযান মিছনৰ শিক্ষা বিষয়া আজাহাৰুল ইছলামকো উৎকোচ লোৱাৰ সময়ত ধৰা পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই । উল্লেখযোগ্য যে , ৰাজ্যত বৃদ্ধি পোৱা দুৰ্নীতি ৰোধৰ বাবে দুৰ্নীতি নিবাৰক শাখাই চলোৱা এই অভিযানত চলিত মাহত ১৬ জনকৈ ঘোচখোৰ বিষয়া-কৰ্মচাৰী আটক হ’বলগীয়া হৈছে ।
উৎকোচ লৈ পুনৰ জালত পৰিল লাট মণ্ডলসহ এজন শিক্ষা বিষয়া
-
By publisher
- Categories: Assam, India, News
- Tags: Arrestedtwo govt.employee
Related Content
বিশ্বৰ সবাটোকৈ দামি মাফলাৰৰ দাম ৫৮ কোটি টকা
By
publisher
February 2, 2025
Economic Survey: বহুলোকৰ চাকৰি খাব কৃত্ৰিম বুদ্ধিমত্তাই (AI)!
By
publisher
February 2, 2025
বেলুচিস্তান বিদ্ৰোহীৰ আক্ৰমণত ১৮ পাক জোৱানৰ মৃত্যু
By
publisher
February 2, 2025
বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা
By
publisher
February 2, 2025
US Canada Tariff Conflict:ট্রাম্পক প্ৰত্যুত্তৰ ট্রুডোৰ !
By
publisher
February 2, 2025