ৰাজ্য চৰকাৰে একৈশ আগষ্টত অনুষ্ঠিত কৰি যোৱা ৪ৰ্থ বৰ্গৰ পৰীক্ষাত ইন্টাৰনেট বন্ধ কৰা প্ৰসংগক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হয় এখন ৰাজহুৱা স্বাৰ্থজড়িত লেখ আবেদন৷ ৰাজু শৰ্মা নামৰ সচেতন ব্যক্তি এজনে দাখিল কৰা লেখ আবেদনৰ ওপৰত আজি হ’ব শুনানি ।
ADVERTISEMENT
উল্লেখযোগ্য যে ২১ আগষ্টত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়ছোৱাত সংশ্লিষ্ট জিলা সমুহত প্ৰশাসনে চাৰিঘন্টাৰ বাবে বন্ধ কৰি দিছিল ইন্টাৰনেট সেৱা ৷ আনহাতে অহা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ৩য় বৰ্গৰ পৰীক্ষাতো ইন্টাৰনেট বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
এনে প্ৰেক্ষাপটত ৰাজু শৰ্মাই দাখিল কৰা লেখ আবেদনৰ ওপৰত আজি শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংশ্লিষ্ট আদালতে ।