নয়দাস্থিত বহুমহলীয়া ছুপাৰটেক টুইন টাৱাৰ দেওবাৰে ভাঙিব প্ৰশাসনে

Noida Supertech twin tower 1661478449683 1661484023792 1661484023792

সকলো জল্পনা- কল্পনাৰ উৰ পেলাই দেওবাৰে উত্তৰ প্ৰদেশৰ নয়ডাস্থিত চেক্টৰ-৯৩ ত থকা ছুপাৰটেক বহুমহলীয়া টুইন টাৱাৰ ভাঙি পেলাব মহানগৰ প্ৰশাসনে। এই ছুপাৰটেক বহুমহলীয়া টুইন টাৱাৰ দুটা দেওবাৰে দুপৰীয়া ভাগত ধ্বংস কৰা হ’ব। সুবিশাল অট্টালিকা দুটা ধ্বংস কৰিবলৈ ইয়াৰ গাঁথনিত প্ৰায় ৩,৫০০ কিলোগ্ৰাম বিস্ফোৰক দ্ৰব্য বান্ধি দিয়া হৈছে ৷ ভাঙিবৰ বাবে এশমিটাৰ দুৰৰ পৰা ৰিমৰ্ট কন্টোলেৰে পৰিচালনা কৰিব বোমা বিশেষজ্ঞ দল এটাই ৷

উল্লেখ্য যে ভাঙিবলগীয়া এই টুইন টাৱাৰ কেইটাৰ পৰা মাত্ৰ ১০ মিটাৰ দূৰতে আছে ছুপাৰটেক এমাৰ্ল্ডৰ দুটা আৱাসিক টাৱাৰ ছুপাৰটেক পান্না আৰু এটিএছ ভিলেজ চ’চাইটি ৷ এতিয়া প্ৰশাসনে টুইন টাৱাৰ দুটা ভাঙিবলৈ যাওঁতে দাতিঁতে থকা আন দুটা আৱাসিক এপাৰ্টমেণ্টৰ ক্ষয়–ক্ষতি হোৱাৰ আশংকা কৰিছে চুপাৰ এমাৰ্ল্ড চছাইটিৰ আবাসীসকলে ৷ অৱশ্যে নয়দা মহানগৰ প্ৰশাসনে এমাৰ্ল্ড কোৰ্টৰ আৰু এটিএছ ভিলেজৰ প্ৰায় পাঁচ সহস্ৰাধিক আবাসীক দেওবাৰৰ পূৰ্বে নিজ নিজ বাসগৃহ ত্যাগ কৰাৰ নিৰ্দেশ দিছে ৷

অৱশ্যে টুইন টাৱাৰ ধ্বংস কৰাৰ পিচত প্ৰশাসনৰ বিশেষ দলে পৰ্যবেক্ষণ কৰাৰ পিছতহে পুনৰ নিজৰ আবাসলৈ উভতি আহিব পাৰিব ৷

Exit mobile version