প্ৰথমবাৰৰ বাবে নাগালেণ্ড আৰু অৰুণাচলৰে প্ৰদেশৰে সংযোগ এনএফ ৰে’লৱে

WhatsApp Image 2022 08 26 at 9.19.05 PM

উত্তৰ-পূব অঞ্চলত সংযোগ আৰু পৰিবহনৰ এক ঐতিহাসিক মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে প্ৰথমবাৰৰ বাবে নাগালেণ্ডৰ শোখুভি ৰে’ল ষ্টেচনৰ পৰা অৰুণাচল প্ৰদেশৰ নাহৰলাগুন ৰে’ল ষ্টেচনলৈ আৰম্ভ কৰা হয় যাত্ৰীবাহী ৰে’ল সেৱা । এই ৰে’লখনৰ উদ্বোধন কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই । উদ্বোধনী ভাষণত চুবুৰীয়া পাৰ্বত্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰিঅ’ই কয় যে ,১৯০৩ চনত ডিমাপুৰ ষ্টেচন স্থাপনৰ ১০০ বছৰতকৈও অধিক সময়ৰ ব্যৱধানৰ পিছত নাগালেণ্ডে ধনাচাৰী-শোখুভি ৰেলপথত দ্বিতীয় ৰেল ষ্টেচন লাভ কৰিলে পাহাৰীয়া ৰাজ্যখনে।
“নতুন সেৱাই নাগালেণ্ড আৰু মণিপুৰৰ যাত্ৰীসকলক গুৱাহাটীলৈ অহা-যোৱা কৰাৰ বাবে এক বিকল্প পথ প্ৰদান কৰিব। এই সংযোগে নাগালেণ্ডৰ পৰা পোনপটীয়াকৈ ক্ৰেতালৈ কৃষিজাত সামগ্ৰী পৰিবহন কৰাত যথেষ্ট সহায় কৰিব আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশবৃদ্ধি কৰিব,” ।
উল্লেখ্য যে ,উত্তৰ-পূব সীমান্ত ৰে’লৱে গুৱাহাটী আৰু নাহৰলাগুনৰ মাজত চলি থকা ডনি প’লো এক্সপ্ৰেছখন এতিয়া শোখুৱীলৈ সম্প্ৰসাৰিত কৰা হ’ব আৰু এতিয়াৰ পৰা শোখুভি আৰু নাহৰলাগুনৰ মাজত দৈনিক ৰেল সেৱা অব্যাহত থাকিব । ৰেলখনে ১৩ ঘণ্টা ৪০ মিনিটত ৪৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। শুখোৱী আৰু গুৱাহাটীৰ মাজত ইয়াৰ সম্প্ৰসাৰিত সেৱাত ধনশিৰি, ডিফু, লামডিং, লংকা, হোজাই, চাপৰমুখ ষ্টেচনত ষ্টপেজ থাকিব।
এই ৰে’লখনৰ নিয়মীয়া সেৱা আজি নাহৰলাগুনৰ পৰা আৰু ২৭ আগষ্টৰ পৰা শোখুভিৰ পৰা আৰম্ভ হ’ব। নাহৰলাগুনৰ পৰা শোখুভিলৈ নাহৰলাগুন – শোখুভি এক্সপ্ৰেছ প্ৰতিদিনে সন্ধিয়া 19:50 বজাত নাহৰলাগুনৰ পৰা ৰাওনা হ’ব, আৰু ৰাতিপুৱা 09:30 বজাত শোখুভিত উপস্থিত হ’ব । একেখন ৰেল তেতিয়া শোখুভিৰ পৰা শোখুভি – নাহৰলাগুন এক্সপ্ৰেছহিচাপে সন্ধিয়া 17:45 বজাত যাব, আৰু ৰাতিপুৱা 06:45 বজাত নাহৰলাগুনত উপস্থিত হ’ব ৷ এনএফআৰে জানি দিয়া মতে, শোখুভিৰ পৰা এই ৰেল সেৱা আৰম্ভ কৰাটো নাগালেণ্ড ৰাজ্যৰ সংযোগ উন্নত কৰা আৰু উন্নয়নত সহায় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব। ই কেৱল নাগালেণ্ডৰ যাত্ৰীসকলক কৰ্ম, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ বাবে ভ্ৰমণ কৰিবলৈ সক্ষম নকৰে, লগতে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকসকলৰ মাজত জনসাধাৰণৰ সম্পৰ্ক আৰু সাংস্কৃতিক সম্পৰ্ক কঢ়িয়াই অনাৰ এক মাধ্যম হিচাপেও কাম কৰিব ।

Exit mobile version