গ্লোৱেল লীডাৰ এপ্ৰোভেল ট্ৰেকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষস্থান পুনৰ অধিকাৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৭৫ শতাংশ ভোটদানেৰে জনপ্ৰিয়তাৰ শীৰ্ষত থাকে ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকী ৷ তেওঁ একেৰাহে তৃতীয়বাৰৰ বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষ স্থান অধিকাৰ কৰিব সক্ষম হয় ৷
শীৰ্ষ ২০ নেতাৰ তলত থাকে তদানীন্তন ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন ৷ ৬৩শতাংশ ভোটেৰে তালিকাৰ দ্বিতীয় স্থানত থাকে মেক্সিকোৰ ৰাষ্ট্ৰপতি মেনুৱেল লোপেজ অব্ৰাডৰ৷ আনহাতে ৪১ শতাংশ ভোটেৰে একাদশ স্থানত থাকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ৷
তালিকাত ক্ৰম অনুযায়ী আন সকল বিশ্বনেতা হ’ল:-
তৃতীয় স্থানত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানেজ (৫৮ শতাংশ),চতুৰ্থত চুইজাৰলেণ্ড প্ৰধানমন্ত্ৰী ইগনাজিঅ কেচিছ(৫২শতাংশ),পঞ্চমত ইটালীৰ প্ৰধানমন্ত্ৰী ( ৫৪ শতাংশ), ষষ্ঠত চুইডেনৰ প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰ্ছন (৫০ শতাংশ),সপ্তমত বেলজিয়ামৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ডি ক্ৰু(৪৩ শতাংশ (বেলজিয়াম), অষ্টমত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি
জাইৰ বলচোনাৰো (৪২ শতাংশ),নৱমত দ্বীপ ৰাষ্ট্ৰ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিচিদা (৩৮ শতাংশ),দশমত আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মিছাহেল মাৰ্টিন ,একাদশত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন ( ৪১শতাংশ),দ্বাদশ স্থানত কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডো (৩৯ শতাংশ ),১৩ সংখ্যক স্থানত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন (৩৪ শতাংশ ),১৪সংখ্যক স্থানত স্পেইনৰ ৰাষ্ট্ৰপতিপেড্ৰো Sánchez ( ৩৪ শতাংশ ), ১৫ সংখ্যক স্থানত নৰৱে ৰাষ্ট্ৰপতি জোনাছ গহৰ ষ্টৰ( ৩৪ শতাংশ ),১৬ সংখ্যক স্থানত জাৰ্মানীৰ চেন্সেলৰ ওলাফ স্ক’লজ ( ৩০ শতাংশ ),১৭ সংখ্যক স্থানত অষ্ট্ৰিয়া ৰাষ্ট্ৰপতিকাৰ্ল নেহাইমাৰ ( ২৮ শতাংশ),১৮ সংখ্যক স্থানত পোলেণ্ডৰ ৰাষ্ট্ৰপতি মাটেউজ মোৰাউইকি ( ২৬শতাংশ),১৯ সংখ্যক স্থানত নেডাৰলেণ্ডৰ ৰাষ্ট্ৰপতি মাৰ্ক ৰুট (২৭ শতাংশ ),২০ সংখ্যক স্থানত ইংলেণ্ডৰ তদানীন্তন প্ৰধানমন্ত্ৰী বৰিছ জনচন (২৫ শতাংশ) ৷