Gangwar : প্ৰতিশোধ ল’বলৈ হত্যা, দাবী পঞ্জাৱী সংগীত শিল্পী মুছেৱালা হত্যাৰ মূল চক্রান্তকাৰীৰ

Goldy Brar Sidhu Moosewala

পঞ্জাৱৰ জনপ্ৰিয় সংগীত শিল্পী সিধু মুছেৱালা হত্যাৰ মূল চক্রান্তকাৰী গেংষ্টাৰ গোল্ডি ব্রাৰে দাবী কৰিলে যে, তেওঁৰ দলৰ দুই সদস্যৰ ‘হত্যা’ৰ প্রতিশোধ ল’বলৈ তেওঁৰেই ঘনিষ্ঠ সহযোগী বিপক্ষ দলৰ এজন দুষ্কৃতীকাৰীয়ে হত্যা কৰিছে । যাক হত্যা কৰা হৈছে, তেওঁৰ নাম মনদীপ ঢালিৱাল ।

এটা ফেচবুক একাউন্টৰ পৰা কানাডাৰ এই গেংষ্টাৰে জনায়, তেওঁৰ দলৰ দুই সদস্য জগৰূপ সিং আৰু মনপ্রীত মন্নুৰ হত্যাৰ প্রতিশোধ ল’বলৈ তেওঁ মনদীপ ঢালিৱালক হত্যাৰ পৰিকল্পনা কৰিছিল ।

উল্লেখ্য, সিধু মুসেৱালাৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জগৰূপ আৰু মনপ্রীতক আটক কৰিবলৈ যোৱাত আৰক্ষী আৰু এই দুই দুষ্কৃতীকাৰীৰ মাজত প্রায় পাঁচ ঘণ্টা ধৰি গুলিয়াগুলি হয় । আৰক্ষীৰ গুলিতেই নিহত হয় ব্রাৰৰ গেঙৰ এই দুই সদস্য ।

তেওঁৰ দুই সতীর্থৰ মৃত্যুক লৈও মুখ খুলিছে মুছেৱালা হত্যাৰ এই চক্রান্তকাৰীয়ে । তেওঁৰ দাবী, তেওঁ এই দুজনক আত্মসমর্পণ কৰাৰ পৰামর্শ দিছিল । কিন্তু তেওঁলোকে তাকে নকৰি ‘সিংহ’ৰ দৰে যুঁজ কৰিছে ।

যোৱা ২৯ জুনত পঞ্জাৱৰ বিখ্যাত ৰেপ্ গায়ক সিধু মুছেৱালা নিজ গাঁও মুছাতেই গাড়ীৰ ভিতৰত থকাকালীন গুলিবিদ্ধ কৰি হত্যা কৰা হয় । মুছেৱালাৰ হত্যা হোৱাৰ এদিন পাছত ব্রাৰে ফেচবুক প’ষ্ট কৰি জনায়, আন এজন গেংষ্টাৰৰ মৃত্যুৰ প্রতিশোধ ল’বলৈয়ে তেওঁ মুছেৱালাক হত্যা কৰাৰ পৰিকল্পনা কৰে । ব্রাৰ নিজেও গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ঘনিষ্ঠ সহযোগী । ঘটনাচক্রে বিষ্ণোই মুছেৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত ।

Exit mobile version