কাজিৰঙাত অঘটন; গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী সুৰক্ষা কৰ্মী 

IMG 20220827 WA0003

আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বন‍্যপ্ৰাণী সুৰক্ষাৰত এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ গঁড়ৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত হৈছে । বুঢ়াপাহাৰ বনাঞ্চল অন্তৰ্গত টুনিকাটি বন শিবিৰত কৰ্মৰত জোৱান জনৰ নাম সুচেন্দ্ৰ বৰা ।

খবৰ অনুসৰি পুৱা কৰ্তব্য পালন কৰি বন শিবিৰলৈ আহি থকা সময়তে পোৱালীৰ সৈতে থকা এজনী গঁড়ৰ মুখামুখি হোৱাত গঁড়জনীয়ে আহি আক্ৰমণ কৰি খুন্দিয়াই পেলাই দিয়ে জোৱান জনক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা জোৱানজনক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

বৰ্তমান জোৱানজনৰ চিকিৎসা আৰম্ভ হৈছে । বাৰিষাৰ কালছোৱাত অভয়াৰণ্যখনৰ প্ৰায়খিনি বন্য প্ৰাণী ৰাষ্ট্ৰীয় পথৰ কাষত বিচৰণ কৰা পৰিলক্ষিত হয় । যাৰ পৰিপ্ৰেক্ষিতত এনেকৈ জোৱান জনৰ সন্মুখীন হ’ব লগা হয় গঁড়জনী ।

Exit mobile version