শিক্ষানীতিৰ আওতাত নপৰাৰ বাবে পুনৰ বন্ধ হ’ব ১৯৫ খন হাইস্কুল 

WhatsApp Image 2022 08 27 at 6.02.35 PM

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আওতাত নপৰা আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে ৰাজ্যত পুনৰ বন্ধ হ’ব ১৯৫ খনকৈ হাইস্কুল । ইতিমধ্যে সংশ্লিষ্ট বিদ্যালয়সমূহ তৎকালে বন্ধ কৰি নিৰ্ধাৰিত শিক্ষানুষ্ঠানত চামিল কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে পি চি/ এছ ই চি / ৬৮/২০২২/৩২ নম্বৰত জাৰি কৰা নিৰ্দেশ বিদ্যালয় পৰিদৰ্শকসকললৈ প্ৰেৰণ কৰিছে ।

অৱশ্যে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে কি কাৰণত ইমান বৃহৎ সংখ্যক বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ,সেইবিষয়ে কোনো কথা উল্লেখ কৰা নাই যদিও এই সকলো বিদ্যালয় নতুনকৈ প্ৰাদেশিকীকৰণ কৰা হৈছিল বুলি নিৰ্দেশটোত উল্লেখ কৰিছে । শিক্ষা বিভাগৰ এক সূত্ৰত প্ৰকাশ পোৱা মতে, যোৱা ২২ জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ উপৰিও শেহতীয়াকৈ প্ৰাদেশিকীকৃত বহু বিদ্যালয় বিলুপ্ত কৰাৰ প্ৰস্তাৱ লোৱা হয় লগতে হাইস্কুল শীক্ষান্ত পৰীক্ষাত এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা বিদ্যালয়বোৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

তাৰ ভিত্তিতেই বহু সংখ্যক বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । সিদ্ধান্তত এইবুলিও উল্লেখ কৰিছিল যে ,যিবোৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগন্য আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আওতাত পৰা নাই, সেইবোৰ বিলুপ্ত কৰা হ’ব । এনে বৈশিষ্ট্যৰ ভিত্তিতেই এনেদৰে ১৯৫ খন বিদ্যালয় মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মুঠ ২১ খন জিলাক সামৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি, সৰ্বাধিক ৪৭ খন বিদ্যালয় কেৱল বৰপেটাতে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । একেদৰে বঙাইগাঁৱত ১৩, কাছাৰত সাত , দৰঙত সাত , ধেমাজিত ২৩, ধুবুৰীত ১৮, ডিব্ৰুগড়ৰ এক ,গোৱালপাৰাৰ পাঁচ, ,গোলাঘাটত দুই ,হাইলাকান্দিত তিনি, যোৰহাটত ১০, কামৰূপ মহানগৰত চাৰি, কামৰূপত চাৰি, কৰিমগঞ্জত চাৰি, লখিমপুৰত ১০, মৰিগাঁৱত ন , নগাঁৱত তিনি , নলবাৰীত এক , শিৱসাগৰত সাত , শোণিতপুৰত এক আৰু তিনিচুকীয়াত দুখন আছে ।

Exit mobile version