ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াক প্ৰত্যাহ্বান

নিয়োগ পৰীক্ষাৰ বাবে কাইলৈ পুনৰ বন্ধ থাকিব ইন্টাৰনেট সেৱা; উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন 

03BMHigh Court

তৃতীয় আৰু চতুৰ্থ বৰ্গ চাকৰিৰ নিয়োগ পৰীক্ষাৰ সময়ছোৱাত ইন্টাৰনেট সেৱা বন্ধ ৰখাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে কৰা ঘোষণা বাহল ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে । ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় নিযুক্তি পৰীক্ষাৰ দিনাও ৰাজ্যৰ মুঠ ২৬ খন জিলাত কৰ্তন কৰা হ’ব মোবাইল ফোন ইন্টাৰনেট সেৱা ।

উল্লেখযোগ্য যে, গুৱাহাটীৰ ৰাজু শৰ্মা নামৰ এজন ব্যক্তিয়ে পৰীক্ষাৰ সময়ত ইন্টাৰনেট বন্ধ ৰাখিবলৈ ৰাজ্য চৰকাৰে যোৱা ১৯ আগষ্টত দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন কৰিছিল । সেই মৰ্মে দুদিন ধৰি চলা শুনানিৰ অন্তত শৰ্মাই জনোৱা আবেদনক মাননীয় ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে খাৰিজ কৰে ।

উল্লেখযোগ্য যে যোৱা ২১ আগষ্টৰ দিনা তৃতীয় বৰ্গৰ নিয়োগ পৰীক্ষা অনুষ্ঠিত হোৱা জিলাকেইখনত ইন্টাৰনেট সেৱা বন্ধ ৰখা হৈছিল। যাৰপৰিপ্ৰেক্ষিতত একাংশ লোকে ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মত চৰকাৰৰ এই ঘোষণাক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিভিন্ন মাধ্যমৰ যোগেদি বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও আজি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এই ঘোষণাক সেউজ সংকেত প্ৰদান কৰিলে । অৰ্থাৎ ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ সময়ত পুনৰ ২৬ খন জিলাত ইন্টাৰনেট সেৱা বন্ধ ৰখাৰ নিৰ্দেশ বাহল থাকিব ।

Exit mobile version