উন্মোচন হ’ল প্ৰতিশ্ৰুতিসম্পন্ন কবি মণিকা টেৰণপীৰ “আৰলেং”

WhatsApp Image 2022 08 28 at 6.41.30 PM

 ” কেতিয়াবা কবি প্ৰেমত ব্যাকুল,কেতিয়াবা কবি অভিমানী, কেতিয়াবা ৰুষ্ট,কেতিয়াবা ব্যংগমুখৰ ,কেতিয়াবা জাতীয় পৰিচয় সম্বন্ধে কবিৰ মনত সচেতনতা। “আৰলেং” কবিতাটো মানুহৰ কবিতা , কিন্তু এই কবিতাৰ তাৎপৰ্যক কাৰ্বি আংলঙৰ পটভূমিত চোৱাৰ প্ৰয়োজন হ’ব । ” কথাষাৰী বিশিষ্ট কবি , সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ । মণিকা টেৰণপীৰ মাতৃভাষা কাৰ্বি যদিও অসমীয়া ভাষাক মাতৃভাষাৰ দৰে আয়ত্ব কৰি লিখি উলিয়াইছে এখনি মনোৰম কবিতা পুথি ” আৰলেং” । আজি পুৱাৰ ভাগত মহানগৰীৰ হোটেল গেটৱেত অনুষ্ঠিত হোৱা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উদীয়যান প্ৰতিশ্ৰতিসম্পন্ন কবি গৰাকীৰ অন্যতম অসমীয়া কবিতা পুথি ” আৰলেং” ৰ শুভ উন্মোচন কৰে বিশিষ্ট গল্পকাৰ , অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই । কাব্যগ্ৰন্থখনিত মুঠ ৪৯ টা কবিতা সন্নিৱিষ্ট হৈছে ।

মহানগৰীয় যান্ত্ৰিক জীৱন শৈলীত সকলো অৱসাদ দূৰ কৰি অমৃত পাণ কৰিবলৈ যোৱা এই মনোজ্ঞ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে প্ৰসিদ্ধ ভাস্কৰ্যশিল্পী বীৰেণ সিংহ , অসম সাহিত্য সভাৰ কোষাধ্যক্ষ প্ৰেম নাৰায়ন নাথ , প্ৰাক্তন আৰক্ষী বিষয়া লংলিট টেৰণ আৰু নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে বিশিষ্ট সমালোচক, লেখক জ্যোতি খাটনীয়াৰ । পূৰ্বায়ন প্ৰকাশন, ্গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি অধিক জীপাল কৰে বিশিষ্ট সংগীতশিল্পী ৰাজ অংশুমানৰ গীতৰ শৰায়ে । উপস্থিত সকলোকে আপ্লুত কৰা কবিৰ বহু প্ৰত্যাশিত “আৰলেং” -এ নিশ্চিতভাৱে সকলো পাঠককে আকৰ্ষিত কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস ।

Exit mobile version