তাচপাতৰ দৰে খহি পৰিল গগনচুম্বী নয়ডাৰ ” টুইন টাৱাৰ “

WhatsApp Image 2022 08 28 at 6.44.01 PM

 অৱশেষত গগনচুম্বী টুইন টাৱাৰ ধ্বংসস্তূপত পৰিণত হ’ল । প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠা টুইন টাৱাৰ ৩,৭০০ কিলোগ্ৰাম বিস্ফোৰক পদাৰ্থ ব্যৱহাৰ কৰি ধ্বংস কৰা হয় । ২০২১ চনতে উচ্চতম ন্যায়ালয়ে বহু নীতি-নিয়ম উলংঘা কৰি নিৰ্মাণ কৰা বাবে উত্তৰ প্ৰদেশ নয়ডাৰ এই গগনচুম্বী অট্টালিকাটো ধ্বংস কৰাৰ নিৰ্দেশ জাৰি কৰিছিল । সেইমৰ্মে আজি এই ইয়াৰে এপেক্স অট্টালিকা ৩২ মহলীয়া আৰু চেয়ান অট্টালিকা ২৯ মহলীয়া ,দুয়োটা অট্টালিকা ধ্বংস কৰা হয় ।

উল্লেখযোগ্য যে , এই দুয়োটা অট্টালিকা ধ্বংস কৰা বাবে নিৰ্মাতা ছুপাৰটেক লিমিটেডৰ এহেজাৰ কোটি টকা ক্ষতি হয় । ২০০৪ চনতে নিৰ্মাণ আৰম্ভ হোৱা এই অট্টালিকা দুটা ধ্বংসকাৰ্য চলি থকা সময়ত সমগ্র অঞ্চলটো ‘ন ফ্লাই জোন’ ঘোষণা কৰা হৈছিল লগতে অঞ্চলটো আৱদ্ধ কৰি ৰাখিবৰ বাবে নিয়োগ কৰা হৈছিল বৃহৎ সংখ্যক আৰক্ষী- নিৰাপত্তা । ইফালে ধ্বংস কৰাৰ বাবে মুঠ ব্যয় হৈছে বিশ কোটি টকা ।

Exit mobile version