পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ওৰ পৰিব নেকি কংগ্ৰেছত !

WhatsApp Image 2022 08 28 at 6.43.30 PM

২৬ আগষ্টত জম্মু-কাশ্মীৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে দলৰ পৰা পদত্যাগ কৰাৰ পিছতে ধাৰাবাহিকতা ৰক্ষা কৰি এজন এজনকৈ প্ৰায় ৬ কংগ্ৰেছীয়ে দল ত্যাগ কৰিছিল । ভাৰতীয় জাতীয় কংগ্ৰেছ দলত মোক্ষম আঘাত দিয়া এই ঘটনাৰ পিছতেই আজি কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে দলটোৱে । আজি চি ডাব্লিউ চিৰ বৈঠক হোৱাৰ পিছতেই সভাপতি নিৰ্বাচনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছোনিয়া গান্ধী নেতৃত্বাধীন দলটোৱে । সুদীৰ্ঘ দিন পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি অহা বুলি চৰ্চিত হোৱা দলটোৱে তৎকালীনভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া দেশৰ অন্যতম বৃহৎ দলটো পৰিয়ালকেন্দ্ৰিক বিতৰ্কৰ পৰা মুক্ত হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে ।

আজি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচন আৰু ১৯ অক্টোবৰত অনুষ্ঠিত হ’ব ভোট গণনা । ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত মনোনয়ন পত্ৰ দাখিলৰ শেষ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে লগতে ৮ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে । ইফালে প্ৰয়োজন সাপেক্ষে ১৭ অক্টোবৰতো নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰিছে দলটোৰ শীৰ্ষ নেতৃবৰ্গই । এতিয়া প্ৰশ্ন উঠিছে সভাপতি নিৰ্বাচনৰ যোগেদি প্ৰকৃতাৰ্থত দলটোৱে পৰিযাল কেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত হ’ব বিচাৰিছে নেকি !

Exit mobile version