বিনন্দ শৰ্মা পূজাৰীক শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান

WhatsApp Image 2022 08 28 at 6.43.32 PM

সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াই অসমীয়া সমাজখনত সাংস্কৃতিক, শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰা অসমৰ এজন বৰেণ্য সংস্কৃতিৰ সাধকক প্ৰতিবছৰে শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান কৰি আহিছে । ২০১২ বৰ্ষৰ পৰাই শ্ৰীশ্ৰী আউনীআটি সত্ৰই আগবঢ়াই অহা শ্ৰীশ্ৰীদামোদৰ দেৱ বঁটা ২০২২ বৰ্ষত যোৰহাট জিলাৰ পকামৰা গাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক, অসমীয়া সংস্কৃতিৰ সাধক ,১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্যলৈ ৰূপান্তৰিত কৰা সাংস্কৃতিক কৰ্মী শ্ৰী বিনন্দ শৰ্মা পূজাৰীক আজি প্ৰদান কৰে। ১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্য সাহিত্যলৈ অনুবাদ কৰাৰ বাবে এই বঁটা বিনন্দ শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হয় l

ADVERTISEMENT

আজি টীয়কৰ কলীয়াপানীস্থিত শ্ৰীশ্ৰী আউনীআটি সত্ৰত সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত শৰ্মা পূজাৰীক এই বঁটা আগবঢ়োৱা হয়। এই সভাত মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰদালি সাহিত্য সভাৰ সম্পাদক প্ৰতাপ শৰ্মাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Exit mobile version