মানকাচাৰত অবৈধভাৱে সীমান্ত অতিক্ৰম কৰা পাঁচ বাংলাদেশীক আটক বিএছ এফৰ

WhatsApp Image 2022 08 28 at 2.29.14 PM

সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱানে শনিবাৰে অসমৰ দক্ষিণ শালমৰা জিলাৰ মানকাচাৰত অবৈধভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰে বি এছ এফে ৷ ধৃত বাংলাদেশী নাগৰিক কেইজন হ’ল বাংলাদেশৰ গাইবন্ধা জিলাৰ বাসিন্দা সুৰজ মিঞা, জাহিদুল ইছলাম, জাহিদুল ৰহমান, আব্দুল ছালাম আৰু ময়দুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । অৱেশ্যে পিছত দুয়োদেশৰ সীমান্ত আৰক্ষীৰ ফ্লেক মিটিং অন্তত মানবীয় ভিত্তিত বাংলাদেশ সীমান্ত ৰক্ষীৰ হাতত গতাই দিয়ে বিএছএফে ৷
উল্লেখ্য যে চলিত মাহৰ ১৮ আগষ্টত দুই বাংলাদেশী আব্দুল হাই আৰু নিৰঞ্জন ঘোষক সীমান্তৰে ভাৰতভূমিত অবৈধভাৱে প্ৰৱেশ কৰাৰ সময়তে বিএছ এফে আটক কৰে ৷ আটকাধীন দুয়োকে দক্ষিণ শালমৰা জিলা আৰু সত্ৰ আদালতত হাজিৰ কৰাৰ পিছত আদালতে ধৃত দুয়োকে পাঁচ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে দুয়োজনকে দহহাজাৰ টকাৰ জৰিমনা বিহে ৷জৰিমনা পৰিশোধত বিফল হ’লে অতিৰিক্তভাৱে ছয় মাহৰ কাৰাবাস খাটিব লাগিব বুলি আদালতে নিৰ্দেশনা জাৰি কৰে ।

Exit mobile version