গুৰুজনাৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথিত নাম-প্ৰসংগৰে মুখৰিত সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱা থান

WhatsApp Image 2022 08 29 at 2.17.14 PM

অসমীয়া সামাজিক, সাহিত্য-সংস্কৃতিৰ বৰঘৰৰ পিতামহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৪ সংখ্যক তিৰোভাৱ তিথি ৷ গুৰুজনাৰ তিৰোভাৱ তিথি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে ৷ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নাম- প্ৰসংগৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য ৷ একেদৰে গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানৰ কীৰ্তনঘৰ,সত্ৰ- সংস্কৃতিৰ পীঠস্থান মাজুলী আৰু ঢেকীয়াখোৱা বৰনামঘৰ,বৰপেটা সত্ৰকে আদি কৰি সকলো নমঘৰ,সত্ৰ আৰু বিভিন্ন ৰাজহুৱা স্থানত গুৰুজনাৰ তিৰোভাৱ তিথি বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা কৰিছে ।

Exit mobile version