জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাব তিথি উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ টুইট

Arvind Kejriwal Delhi 1658645835554 1658645835817 1658645835817

 আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাব তিথি । সেই উপলক্ষে নামঘৰে – নামঘৰে ভক্তিভাৱত ডুব গৈছে ৰাজ্যৰ সকলো ভক্তপ্ৰাণ ৰাইজ । আজি এই পবিত্ৰ দিনতেই ভক্তিৰসত মুখৰিত হৈ থকা ৰাজ্যবাসীলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুৰুজনালৈ শতকোটি প্ৰণাম জনাই অসমীয়াতে এক বিশেষ টুইট বাৰ্তা প্ৰেৰণ কৰিছে ।

গুৰুজনালৈ শতকোটি প্ৰণাম জনাই জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে ,” হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ বাণী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰক্ষ্মাণ্ড ভেদি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম ।” উল্লেখযোগ্য যে , মহাপুৰুষজনাৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে মুখ্যমন্ত্ৰী গৰাকীয়ে এনেকৈ অসমীয়াত টুইট কৰি দিয়া শুভেচ্ছাই এতিয়া সকলোৰে হৃদয় চুই গৈছে ।

Exit mobile version