জৈৱিক পদ্ধতিৰে বিভিন্ন শাক-পাচলিৰ কৃষিকৰ্ম ,বৰহোলাৰ শিক্ষিত যুৱক ধ্ৰুৱজ্যোতি সোণোৱালৰ স্বাৱলম্বীতাৰ নিদৰ্শন

Screenshot 20220809 105614 Video Player 01

যি সময়ত আমাৰ অত্যাৱশ্যকীয় শাক-পাচলিসমূহত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগৰ ফলত স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে তেনে সময়তে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে পাচলি উৎপাদন কৰি এক আদৰ্শ দেখুৱালৈ সক্ষম হৈছে বৰহোলাৰ এগৰাকী শিক্ষিত যুৱক ধ্ৰুৱজোতি সোণোৱালে। উদ্যমী যুৱক ধ্ৰুৱজ্যোতি সোণোৱালৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত অসম নাগালেণ্ড সীমান্তৱৰ্তী বেকাজান অঞ্চলৰ বিশাল কৃষিভূমিত গঢ়ি তুলিছে এই ফাৰ্মখন। দাংবডি, টিঁয়হ, গোমধান আদি বিভিন্ন শাক-পাচলিৰে বৰ্তমান ভৰি পৰিছে ফাৰ্মখন। সম্পূৰ্ণ জৈৱিকভাৱে উৎপাদিত পাচলিসমূহ বজাৰত উচিত মূল্যত বিক্ৰীৰো ব্যৱস্থা কৰিছে যুৱকজনে। ইয়াৰ জৰিয়তে ধ্ৰুৱজ্যোতি সোণোৱালে স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে গণিতত স্নাতক ডিগ্ৰীধাৰী এজন যুৱক ধ্ৰুৱজ্যোতি সোণোৱাল। চাকৰি বিচাৰি একাংশ নিবনুৱাই হাহাকাৰ কৰি থকাৰ বিপৰীতে এইগৰাকী উদ্যমী যুৱকে এখন কৃষি ফাৰ্মেৰে নিজক সংস্থাপিত কৰি সুন্দৰ নিদৰ্শন দেখুৱাইছে। ফাৰ্মখনৰ পৰা বৰ্তমান বছৰি কেইবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধ্ৰুৱজ্যোতি সোণোৱালে। কিন্তু ৰাজ্য চৰকাৰৰ কোনো কৃষি আঁচনিৰ সুবিধা আজিকোপতি লাভ নকৰিলে ধ্ৰুৱজ্যোতিৰ দৰে উদ্যমী যুৱ কৃষকে। তথাপিও নিজা কষ্ট, পৰিশ্ৰমৰ বলত কৃষিকৰ্মক কিছু লাভাম্বিত কৰি তুলিছে ধ্ৰুৱজ্যোতিয়ে। এই কৃষি বিপ্লৱৰ সন্দৰ্ভত জানিবলৈ বিচৰাত ধ্ৰুৱজোতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি কালি যুৱ প্ৰজন্মই খেতি কৰাৰ ইচ্ছাই নকৰে। কিন্তু অলপ কষ্ট কৰিলে কৃষিকৰ্মৰ দ্বাৰাও ভাল অৰ্থ উপাৰ্জন কৰিব পাৰি ।

ৰাজ্যৰ মেৰুদণ্ডস্বৰূপ ক্ষুদ্ৰ কৃষকসকল চৰকাৰী কৃষি আঁচনিৰ পৰা বছৰি বঞ্চিত হৈ অহা ঘটনা অতি দুৰ্ভাগ্যজনক। ৰাজ্যৰ নিবনুৱা যুৱকসকলৰ স্বনিয়োজনৰ ক্ষেত্ৰত চৰকাৰে উচিতভাৱে গুৰুত্ব আৰোপ কৰিলে কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী প্ৰতিজন যুৱক যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ কৃষক ৰাইজ উপকৃত হোৱাকৈ এখন উচিত বজাৰ গঢ় দিয়াৰ বাবে চৰকাৰক অলপ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ধ্ৰুৱজোতি সোণোৱালে।

Exit mobile version