মেৰাপানী সীমান্তৰ গড়বস্তিত নগাৰ উপদ্ৰৱ

WhatsApp Image 2022 08 29 at 8.50.52 PM

 সীমান্তৰ অসমীয়া লোকৰ পোহনীয়া কুকুৰ গুলীয়াই হত‍্যা কৰি ভক্ষণ

 গোলাঘাট  জিলাৰ অসম নগালেণ্ড মেৰাপানী সীমান্তৰ গড় বস্থিত যোৱা নিশা কাষৰীয়া নগালেণ্ডৰ এনি লুথা নামৰ নগা লোক জনে গড়বস্থিৰ নোদোক চুতীয়া নামৰ লোক জনৰ এটা পোহনীয়া কূকুৰ ঘৰত বান্ধি থোৱা অৱস্থাত গুলীয়াই নিহত কৰা ঘটনাই সীমান্ত অঞ্চলটোত চাঞ্চল‍্য সৃষ্টি হৈছে । তথ‍্য মতে , নগালেণ্ডৰ মিকিয়াং বস্তিৰ এনি লুথা নামৰ নগা লোক জনৰ লগতে উক্ত বস্তিটোৰ কেইবাজনো দুষ্ট প্ৰকৃতিৰ নগা লোকে সীমান্তৰ গড় বস্তিগাঁও খনৰ সাধাৰণ লোক সকলক ভয় ভাবুকিৰে হাহঁ , কুকুৰা লুট পাট কৰি অশান্তিকৰ কায‍্য সংঘটিত কৰি আহিছে । কালি গাওঁ খনৰ পৰা হাহঁ কুকুৰা নিবলৈ কুকুৰটো চকুত পৰাত কুকুৰটোকে গুলীয়া নিহত কৰি লৈ যায় ।

ঘটনাৰ সন্দৰ্ভত গাঁৱৰ ৰাইজে সীমান্তত নিয়োজিত চি আৰ পি এফক বিষয়ো অৱগত কৰে যদিও যথা সময়ত চি আৰ পি এফ ঘটনাস্থলিত উপস্থিত নোহোৱা বুলি অভিযোগ কৰিছে । উল্লেখ‍্য যে নগা লোক সকলে দীৰ্ঘদিন ধৰি মেৰাপানী সীমান্তৰ গাও সমুহত প্ৰৱেশ কৰি জুৰ জুলুমৰে হত‍্যা ,হিংসা , বেদখল আদি অপৰাধ মুলক কায‍্য সংঘটিত কৰি আহিছে । কিছু বছৰৰ আগতে গাওঁ খনৰ এঘৰৰ পৰা উক্ত নগা লোকে পোহনীয়া গাভিনী কুকুৰক গুলীয়াই হত‍্যা কৰি ভক্ষণ কৰাৰ তথ‍্যও আছে । সেয়েহে অসম প্ৰশাসনক সীমান্তৰ অসমীয়াৰ জীৱন ও সা সম্পত্তিৰ নিৰাপত্তা সু নিশ্চিত কৰিবলৈ সীমান্তবাসী ৰাইজে আহ্বান জনাইছে ।

Exit mobile version