সামৰণি পৰিল ১৪ সংখ্যক সদৌ অসম ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাৰ

WhatsApp Image 2022 08 29 at 2.53.44 PM 1

 ২৫ আগষ্টৰ পৰা ২৮ আগষ্টলৈ গোলাঘাটৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৪ সংখ্যক ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাৰ কালি সামৰণি পৰে । প্ৰতিযোগিতাখনত ১১ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত আয়ৎ ৰহমান (গুৱাহাটী) বিজয়ী হয় । আয়াতে দিভিজা প’ল (শিলচৰ) ৩-২ ছেটত পৰাস্ত কৰে ।একেদৰে ১১ অনুৰ্ধ ল’ৰাৰ শাখাত আদ্ৰিখ গগৈ (ডিব্ৰুগড়) -এ এ ৰোহন দাসক ৩-১ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় । ১৩ অনুৰ্ধ ছোৱালীৰ শাখাত প্ৰকৃতি পি সিঙে (গুৱাহাটী) দেৱীকা বৰ্মন(গুৱাহাটী) ক ৩-০ ছেটত পৰাস্ত কৰি চেম্পিয়ন হয় লগতে ল’ৰাৰ শাখাত অভীক কাশ্যপে (গুৱাহাটী) আৰ্নিছ বৰুৱাক (যোৰহাট) ৩-১ ছেটত পৰাস্ত কৰি বিজয়ী হয় ।

ADVERTISEMENT

১৫ অনুৰ্ধ ছোৱালীৰ একক শাখাত প্ৰাচী মজুমদাৰে (গুৱাহাটী) তিষ্টা গগৈক (নগাঁও) ৩-০ ছেটত পৰাস্ত কৰি বিজয়ী হয় আৰু ল’ৰাৰ শাখাত দৃশ্যান্ত বৰা (ডিব্ৰুগড়) -এ অভীক কাশ্যপক (গুৱাহাটী) ৩-১ ছেটত পৰাস্ত কৰি জয় লাভ কৰে ।একেদৰে ১৭ অনুৰ্ধ একক ছোৱালীৰ শাখাত প্ৰাচী মজুমদাৰে (গুৱাহাটী) ভাৱনা কাশ্যপক (গুৱাহাটী) ৩-১ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় আৰু ল’ৰাৰ শাখাত অভীক কাশ্যপে (গুৱাহাটী ) আদিত্য আৰয়ন বৰাক (নগাঁও) ৩-০ ছেটত পৰাস্ত কৰি বিজয়ী হয়।

১৯ অনুৰ্ধ ছোৱালীৰ একক শাখাত ভূমিকা কৌশিকে (গুৱাহাটী) আকাংশা ডেকাক (গুৱাহাটী) ৪-১ ছেটত পৰাস্ত কৰি বিজয়ী হোৱাৰ লগতে একেটা শাখাৰ ল’ৰাৰ আদিত্য আৰয়ন বৰা-এ (নগাঁও) অহনিক জি ভট্টক (গুৱাহাটী) ৪-০ ছেটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। মহিলা এককৰ প্ৰতিযোগিতাত তৃষ্ণা গগৈ-এ (অইল) কৃতিকা উপাধ্যাক (গুৱাহাটী ) ৪-২ ছেটত পৰাস্ত কৰি বিজয়ী হোৱাৰ লগতে পুৰুষৰ একক শাখাত অগ্নিভ ভাস্কৰ গগৈ-এ (অইল) অনল কাশ্যপক (অইল) ৪-৩ ছেটত পৰাস্ত কৰি বিজয়ী হয় ।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত এইবাৰ কোনো শ্ৰেষ্ঠ খেলুৱৈ বাচনি কৰা নহ’ল যদিও সামগ্ৰিকভাৱে ভাল প্ৰদৰ্শন কৰা বাবে দুজনকৈ খেলুৱৈক প্ৰতিশ্ৰুতিসম্পন্ন বঁটা আগবঢ়োৱা হয়। এই সম্ভৱনাপূৰ্ণ বঁটা লাভ কৰে ক্ৰমে ল’ৰাৰ ৰাস্কিন ৰৌশন শইকীয়া (গোলাঘাট) আৰু ছোৱালীৰ লুনাশা বৰাই (ডিব্ৰুগড় ) ।

Exit mobile version