হাউলীৰ যোশীহাটীপাৰাৰ মাদ্ৰাছাত প্ৰশাসনৰ উচ্ছেদ

WhatsApp Image 2022 08 29 at 7.17.52 PM

মৌলবাদী তথা জেহাদী সংগঠনৰ সৈতে জৰিত থকা অপৰাধত অসম আৰক্ষীৰ বিশেষ শাখাই বৰপেটা আৰক্ষীৰ সহযোগত হাউলী, বৰপেটা আৰু কলগাছিয়াৰ পৰা ৪ মাৰ্চত পাঁচজন ব্যক্তিক আটক কৰি গ্ৰেপ্তাৰ কৰিছিল । পাঁচজন ব্যক্তিৰ ভিতৰত এজন বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আৰু চাৰিজন বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ । আটকধীন ব্যক্তিকেইজনে বাংলাদেশৰ আনছাৰুল্লাহ বাংলা টীম’ চমুকৈ এবিটি নামৰ এক কুখ্যাত সংগঠৰ সৈতে প্ৰত্যক্ষ ভাৱে জৰিত আছিল বুলি ইতিমধ্যেই প্ৰকাশ হৈছে । ইয়াৰে আটকাধীন বাংলাদেশৰ মহম্মদ সুমনে ওৰফে ছাইফুল ইছলাম হাউলীৰ যোশীহাটাপাৰাত থকা ‘শ্বাইখুৰ হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী’ নামৰ শিক্ষানুষ্ঠানৰ লগত শিক্ষক হিচাপে প্ৰায় চাৰি বছৰ পূৰ্বৰ পৰা জৰিত হৈ আছিল । যিখন শিক্ষানুষ্ঠান ব্যক্তিগতখণ্ডৰ ইছলামিক ধৰ্মীয় শিক্ষানুষ্ঠান ।

উক্ত মাদ্ৰাছা তথা ইছলামিক ধৰ্মীয় শিক্ষানুষ্ঠানখন হাউলীৰ যোশীহাটীপাৰাত গাঁৱত ৪ কঠা ১০ লেচা চৰকাৰী ভূমি বেদখল কৰি ২০১৮ চনত স্থায়ী ভাৱে আৰম্ভ কৰিছিল । মৌলবাদ তথা জেহাদী কাৰ্যকলাপৰ সৈতে সাঙোৰ খাই পৰাৰ লগতে চৰকাৰী ভূমি বেদখল কৰি নিৰ্মান কৰা মাদ্ৰাছাখনত আজি বৰপেটা জিলা প্ৰশাসনে বুলডোজাৰ চলায় । এই মাদ্ৰাছাখনত প্ৰায় ৬০ গৰাকী ছাত্ৰই মাদ্ৰাছাখনত থাকিয়ে অধ্যয়ন কৰিছিল । এই মাদ্ৰাছখনতে ২০১৯ চনৰ পৰা অল কায়দা তথা আনছাৰুল্লাহ বাংলা টীমৰ জেহাদী বাংলাদেশী নাগৰিক মহম্মদ সুমনে শিক্ষকৰূপে বাহৰ পাতি চলাই গৈছিল জেহাদী কাৰ্যকলাপ ।

মহম্মদ সুমনৰ তত্বাৱধানত জেহাদী কাৰ্যকলাপৰ অভিকেন্দ্ৰ হৈ পৰিছিল এই মাদ্ৰাছাখন । বিগত মাৰ্চ মাহত মহম্মদ সুমন ওৰফে ছাইফুল ইছলামে আৰক্ষীৰ জালত পৰাৰ পাছত সমগ্ৰ তথ্য পোহৰলৈ আহিছিল । মহম্মদ সুমনক গ্ৰেপ্তাৰ কৰাৰ পাছতে ‘শ্বাইখুৰ হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী’ নামৰ মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক মাহমুনুৰ ৰছিদকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । যাৰ ফলত আজি মাদ্ৰাছাখনত জিলা প্ৰশাসনে বুলডোজাৰ চলায় ।

Exit mobile version