অসমৰ পৰা গোপনে আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰলৈ সৰবৰাহ হৈছে ’পিপলি চেং’ মাছ৷ চীন, নেপালত বাঢ়িছে ইয়াৰ চাহিদা৷ ইয়াৰ সুযোগ লৈয়ে ৰাজ্যত সংগোপনে চলি আছে অতি দুষ্প্ৰাপ্য ’পিপলি চেং’ মাছৰ চোৰাং বেহা৷ কাৰ্বি পাহাৰৰ পাহাৰীয়া জান জুৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ বিশেষ অঞ্চলৰ পৰা চোৰাংকৈ সৰবৰাহ হৈছে এই মাছ৷
বন্য প্ৰানী আইনক অংগুষ্ঠ প্ৰদৰ্শনৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত এই অধুনালুপ্ত থলুৱা মাছৰ চোৰাং বেহাক লৈ সক্ৰিয় হৈ পৰিছে চোৰাং ব্যৱসায়ী চক্ৰ৷ দুষ্প্ৰাপ্য পিপলি চেং (ছানা বৰকা)মাছৰ অবৈধ সৰবৰাহত জড়িত এজন লোকক কলিয়াবৰৰ জখলাবন্ধাত স্থানীয় ৰাইজৰ সহযোগত কাজিৰঙাৰ বন বিভাগে নিশা গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ গোলাঘাট জিলাৰ বোকাখাটৰ পৰা সংগোপনে এঘাৰটাকৈ জীৱিত পিপলি চেং মাছ তেজপুৰলৈ বুলি সৰবৰাহ কৰি জখলাবন্ধাত যোৱা নিশা উপস্থিত হোৱাৰ সময়তে সন্দেহজনক অৱস্থাত স্থানীয় ৰাইজে মহম্মদ মাৰপ আলী নামৰ এই চোৰাং বেপাৰৰে জড়িত ব্যৱসায়ীজনক আটক কৰি কাজিৰঙাৰ বুঢ়াপাহৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীক চমজাই দিয়ে৷ ইয়াৰ পিছতে দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুই নং শিয়ালমাৰী নিৱাসী মহম্মদ মাৰপ আলীৰ বিৰুদ্ধে বন্যপ্ৰানী সুৰক্ষা আইনৰ অধীনত
এট গোচৰ ৰুজু কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে৷ বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, লুপ্তপ্ৰায় পিপলি চেং (ছানা বৰকা) মাছক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় এটি চোৰাং ব্যৱসায়ী চক্ৰ সৰব হৈ উঠিছে৷ উল্লেখ্য যে , পাহাৰীয়া জান-জুৰিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত লাভ কৰা দুষ্প্ৰাপ্য এই মাছবিধৰ প্ৰতিটো মাছৰ দাম আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত প্ৰায় আঠৰ পৰা দহ হাজাৰ টকা। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই লুপ্তপ্ৰায় এঘাৰটা মাছ কাজিৰঙাৰ পৰাই সৰবৰাহ ঘটিছে৷ যদি সেয়া সঁচা হয় তেন্তে প্ৰশ্ন হ’ল বনকৰ্মীৰে গিজগিজাই থকা কাজিৰঙাৰ অন্তৰ্ভাগৰ পৰা দুষ্প্ৰাপ্য এই মাছ বিধৰ ওপৰত চোৰাং ব্যৱসায়ী চক্ৰৰ হাতোৰা পৰিল কেনেকৈ? এই দুস্কাৰ্যত বন বিভাগৰ একাংশ বনকৰ্মীৰো হাত উজান থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে৷ সেয়া যিয়েই নহওক, কাজিৰঙা- কাৰ্বিপাহাৰৰ অতি দুষ্প্ৰাপ্য জলজ জীৱৰ ওপৰত চোৰাং বেপাৰী আৰু আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত চাহিদা বৃদ্ধি পাইছে ৷ এনে ক্ষেত্ৰত বন বিভাগৰ কঠোৰ তহলৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷
ৰাজ্যত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ অবৈধ বেহা , এজনক গ্ৰেপ্তাৰ
