শিৱসাগৰ ৰেল ষ্টেছনৰ চৌহদত প্ৰায় আজি ৭০ টাৰো অধিক পৰিয়ালে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত বিগত কেইবাদশকজুৰি ৰেলৱে চৌহদত বাস কৰি অহা প্ৰায় ৭০ টাৰো অধিক পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে । ৰেলৱে চৌহদত বাস কৰি অহা পৰিয়াল সমূহে হঠাৎ ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা উচ্ছেদৰ জাননী লাভ কৰাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে , জাননী লাভ কৰাৰ পিছত ভুক্তভোগী পৰিয়াল সমূহে পুনৰ সংস্থাপনৰ বাবে দুমাহ সময় বিচাৰিছিল যদিও ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা সেই সময় নিদি ৩০ আগষ্টত উচ্ছেদ চলাব বুলি পুনৰ জাননী জাৰি কৰিছে । সেই লৈ বিমোৰত পৰা পৰিয়াল সমূহে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি উচ্ছেদৰ সমান্তৰালকৈ চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে ঘৰ ভাঙিবলৈ দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিয়ে ।