কাহিলীপাৰাত উত্তাল প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

ৰিপুণ বৰাসহ কে'বাজনো নেতাক আটক

WhatsApp Image 2022 08 30 at 4.07.03 PM

মহানগৰীৰ কাহিলীপাৰাৰ শিক্ষা বিভাগৰ প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ ৷ চৰকাৰৰ মাধ্যম নীতিৰ বিৰুদ্ধে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত কে’বাশতাধিক কৰ্মীয়ে আজি দুপৰীয়া কাহিলীপাৰা শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি চৰকাৰৰ হঠকাৰিতা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে মুখৰিত কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰি নিয়ে টিএম চি নেতা- কৰ্মীক ৷ আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে টিএমচিৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা ৷ তেওঁ কয়, গণতান্ত্ৰিক আন্দোলন পুলিচ লগাই দমন কৰিব নোৱাৰে৷জনশক্তিক ৰোধিব নোৱাৰে ৷

আনহাতে ২০২১ চনতে প্ৰাদেশীকৰণ কৰা ১৯৫ বিদ্যালয়ক শেহতীয়াকৈ একত্ৰিকৰণ কৰাৰ নামত বিদ্যালয় বন্ধৰ দৰে হঠকাৰিতা কাৰ্যক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীক কংস মামা বুলিও অভিহিত কৰে নেতা গৰাকীয়ে ৷

Exit mobile version