শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা তিনিচুকীয়ামুখী এখন নৈশ বাছ দুৰ্ঘটনাত পতিত হয় । নিশা নিয়ন্ত্ৰণ হেৰুৱাই গেমন দলঙৰ সমীপৰ দ’ খাৱৈত বাগৰি পৰে নৈশ বাছখন । AS 01 MC 0917 নম্বৰৰ ” তনুছ” নামৰ নৈশ বাছখন গুৱাহাটীৰ পৰা তিনচুকীয়া অভিমুখে গৈ আছিল । দুৰ্ঘটনাটোত মহিলাসহ দহ গৰাকীৰো অধিক যাত্ৰী আহত হয় ।
ADVERTISEMENT
আহত সকলৰ আঠ গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আহত সকলৰ নাম উদেস্না ভৰালী (২১) , ৰাজশ্ৰী কলিতা (২৪), ৰেছমা বেগম (২৩), বন্দিতা শইকীয়া (২৪), পল্লবী খনিকৰ (২৪), নিলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬), চাহিদুৰ আলি (২৫ )। চালকে সুৰা পাণ কৰি বাছ চলোৱাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ উত্থাপন হৈছে । ইফালে দুৰ্ঘটনা সংঘটিত কৰি বাছ চালকজন পলায়ন কৰে ।