AICC কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি !

WhatsApp Image 2022 08 30 at 5.40.17 PM

WHOকোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ? আজিৰ তাৰিখত দেশৰ ৰাজনীতিত চৰ্চিত হোৱা বিষয়টো হৈছে কোন হ’ব কংগ্ৰেছ দলৰ পৰৱৰ্তী সভাপতি ! যিহেতু কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে দলটোৰ সভাপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে । সেইমৰ্মে ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব সভাপতি নিৰ্বাচন । এইক্ষেত্ৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুয়ে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

দলটোৰ ভিতৰচৰাত চলা চৰ্চা মতে , ২০২০ চনত শশী থাৰুৰ এটা ২৩ জনীয়া দলে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ দলটোৰ সাংগঠনিক সংস্কাৰ সাধনৰ বাবে দাবীসম্বলিত এক পত্ৰ প্ৰেৰণ কৰিছিল । সেই দৃষ্টিকোণৰ পৰা শশী থাৰুৰৰ এই দলটো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে লগতে উক্ত দলটোৰ সক্ৰিয় ভূমিকাৰ বাবে ছোনিয়া পুত্ৰ ৰাহুল গান্ধীয়ে নিৰ্বাচনত অংশ ললে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব । ইফালে জ্যেষ্ঠ কংগ্ৰেছী নেতা থাৰুৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা – নকৰা সন্দৰ্ভত এইমুহুৰ্তলৈকে কোনো কথা প্ৰকাশ কৰা নাই । এক বিশেষ সূত্ৰ প্ৰকাশ যে অতি শীঘ্ৰেই জ্যেষ্ঠ নেতাজনে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।

অৱশ্যে এইক্ষেত্ৰত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ আহ্বান জনাইছে থাৰুয়ে । অন্যহাতে, দলটোৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত শশী থাৰুয়ে মালায়ালম কাকত দৈনিক মাথৰুভূমিত এটা প্ৰৱন্ধ লিখিছিল , য’ত তেওঁ দলটোত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এক ডজন আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰাৰ পোষকতা কৰিছে ।

Exit mobile version