উচ্চতম ন্যায়ালয়ত কা’ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে তৰা গোচৰত উকালতি কৰিব পি চিদাম্বৰমে

Chidambaram 1200

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ শীৰ্ষ নেতা পি চিদাম্বৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (এপিচিচি) উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইন (চিএএ)ক প্ৰত্যাহ্বান জনাই তৰা গোচৰটোৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ আশ্বাস দিছে।

ADVERTISEMENT

উল্লেখ্য যে চিদাম্বৰমে উচ্চতম ন্যায়ালয় আৰু ভাৰতৰ বিভিন্ন উচ্চ ন্যায়ালয়ত উকালতি কৰিছিল। তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত উকীল হিচাপে যোগদাল কৰে১৯৮৪ ত ৷

বুধবাৰে, এপিচিচিয়ে এক বিবৃতিত কয় যে, “পি চিদাম্বৰমে উচ্চতম ন্যায়ালয়ৰ গোচৰটোত সকলো আইনী সহায় আগবঢ়োৱাৰ আশ্বাস দিছে। তেওঁ গোচৰটোত উকালতি কৰিব ৷এপিচিচিয়ে ২০১৯ ৰ ডিচেম্বৰত ‘কা’ ক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতত এখন ৰিট আবেদন দাখিল কৰিছিল ।

ইফালে এপিচিচিৰ সভাপতি ভূপেন বৰাই উচ্চতম ন্যায়ালয়ত অসমৰ প্ৰাক্তন অতিৰিক্ত মহাধিবক্তা কৃষ্ণা শৰ্মাক সাক্ষাৎ কৰে আৰু তেওঁক এপিচিচিৰ গোচৰটোৰ অধিবক্তা হিচাপে ভাগ ল’বলৈ অনুৰোধ জনায় ৷

Exit mobile version