আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জনীয়া সমষ্টিৰ কান্দাপাৰা চাউলখোৱা নদীত অনুষ্ঠিত হয় নামনি অসম ভিত্তিক বিৰাট নাওখেল প্ৰতিযোগিতা । কান্দাপাৰা নাওখেল পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নাওখেল প্ৰতিযোগিতাত এ দলত সাতখন আৰু বি দলত ছয়খন মুঠ ১৩খন নাৱে অংশগ্ৰহণ কৰে ।
তাৰে এ দলৰ “ৰাইজৰ চকুৰ মণি” প্ৰথম আৰু “জয় আই অসম” নাওখনে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় । তদ্ৰুপ বি দলৰ “ৰাইজৰ আশীৰ্বাদ” প্ৰথম স্থান আৰু “মনৰ পাখি” নাওখনে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ।
মঙলবাৰে অনুষ্ঠিত হোৱা নাওখেল চাবলৈ লোকে লোকাৰণ্য হৈ ৰঙিল কৰি তোলে চাউলখোৱা নদীৰ দুয়োপাৰ । অসমীয়া সংস্কৃতিৰ ধ্বজ্বাবাহক নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি শৃংখলাৰে সমাপ্ত কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে উদ্যাপন সমিতিয়ে ।