Kaliabor কলিয়াবৰৰ বানেশ্বৰত আজি সংঘটিত হৈছে এক দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত মৃত্যু হৈছে এজন বনকৰ্মীৰ । মফি আলি নামৰ এই বনকৰ্মীজন ব্ৰহ্মপুত্ৰ নদীত কৰ্তব্যৰত অৱস্থাত ডুবি মৃত্যু হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰত কৰ্মৰত এই বনকৰ্মীজনৰ ঘৰ কলিয়াবৰৰ বৰদলঙত । বন বিভাগৰ এখন নাও ব্ৰহ্মপুত্ৰত নিখোজ হোৱাত নাও খন বিচাৰি পানীত নামিছিল বনকৰ্মীজন। তাতে তেওঁৰ সলিল সমাধি ঘটে। পিছত বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে । আনহাতে ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
kazirangaকৰ্তব্যৰত অৱস্থাত মহাবাহুৰ বুকুত সলিল সমাধি ঘটিল কাজিৰঙাৰ বনকৰ্মীৰ
-
By publisher
- Categories: Assam, India, News
- Tags: forest staff of kaziranga was buriedin the chest of brahmaputra.
Related Content
Mandira :ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী বদৰুদ্দিন আজমল
By
publisher
May 4, 2024
Cm Visit chamata:নলবাৰীৰ চামতাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰাভিযান
By
publisher
May 4, 2024
Binance Founder Changpeng Zhao:৩.৫৯ লাখ কোটি টকাৰ সম্পত্তিৰে বিশ্বৰ সবাতোকৈ ধনাঢ্য কয়দীজন
By
publisher
May 4, 2024
Chirang BPF kokrajher Candidate campaign:চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা
By
publisher
May 4, 2024
Mla Aminul Islam Pressmeet:কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল
By
publisher
May 4, 2024