Kaliabor কলিয়াবৰৰ বানেশ্বৰত আজি সংঘটিত হৈছে এক দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত মৃত্যু হৈছে এজন বনকৰ্মীৰ । মফি আলি নামৰ এই বনকৰ্মীজন ব্ৰহ্মপুত্ৰ নদীত কৰ্তব্যৰত অৱস্থাত ডুবি মৃত্যু হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰত কৰ্মৰত এই বনকৰ্মীজনৰ ঘৰ কলিয়াবৰৰ বৰদলঙত । বন বিভাগৰ এখন নাও ব্ৰহ্মপুত্ৰত নিখোজ হোৱাত নাও খন বিচাৰি পানীত নামিছিল বনকৰ্মীজন। তাতে তেওঁৰ সলিল সমাধি ঘটে। পিছত বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে । আনহাতে ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
kazirangaকৰ্তব্যৰত অৱস্থাত মহাবাহুৰ বুকুত সলিল সমাধি ঘটিল কাজিৰঙাৰ বনকৰ্মীৰ
-
By publisher
- Categories: Assam, India, News
- Tags: forest staff of kaziranga was buriedin the chest of brahmaputra.
Related Content
Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড
By
publisher
May 3, 2024
Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯
By
publisher
May 3, 2024
Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া
By
publisher
May 3, 2024