Viral Video : ৰেলৱে ক্ৰছিং বন্ধ কৰাৰ পাছত বাহন পাৰ কৰে নেকি ? চাওক কি হ’ব তাৰ পৰিণাম

Screenshot 418

কথমপি এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এজন ব্যক্তি । এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ ইটাৱাহৰ এটা ৰেলৱে ক্ৰছিঙত । সম্প্ৰতি ঘটনাটোৰ ভিডিঅ’ সকলো সামাজিক মাধ্যমতে ভাইৰেল হৈ পৰিছে ।

ভিডিঅ’টোত দেখা গৈছে যে এজন ব্যক্তিয়ে ৰেল লাইনত পৰি থকা তেওঁৰ দুচকীয়া বাহনখন উঠাই আনিবলৈ পাৰ্যমানে চেষ্টা কৰিছে । অথচ তেওঁ সফল নহয় আৰু অৱশেষত বাহনখন এৰিয়ে পলায়ন কৰিবলগীয়া হয় । তাৰ পিছ মুহূৰ্ততে দ্ৰুতবেগী ঝাড়খণ্ড স্বৰ্ণ জয়ন্তী এক্সপ্ৰেছে বাহনখন মহতিয়াই লৈ যায় ।

তথ্য অনুসৰি, ক্ৰছিং বন্ধ থকাৰ পাছতো বাইক চালকজনে ট্ৰেক পাৰ কৰাৰ চেষ্টা কৰিছিল, সেয়ে প্ৰশাসনৰ তৰফৰ পৰা তেওঁক জাননী প্ৰেৰণ কৰা হৈছে। এই কাৰ্যৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাও আছে । ঘটনাটো সম্প্ৰতি সমগ্ৰ দেশতে চৰ্চিত হৈছে ।

Exit mobile version