INDIAN CINEMA ভাৰতীয় চিনেমা উদ্যোগৰ গৌৰৱোজ্জ্বল দিন

প্ৰথমবাৰলৈ উদযাপন হ'ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস

WhatsApp Image 2022 09 03 at 19.53.43

INDIAN CINEMA  ৭৫ টকাত উপলব্ধ হ’ব টিকট আলমআৰা ,ৰজা হৰিশ্চন্দ্ৰৰ পৰা আৰম্ভ কৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এক ইতিহাস আছে । এই বৰ্ণিল ইতিহাসক ধৰি ৰখাৰ উদ্দেশ্যে ভাৰতীয় চিনেমা উদ্যোগত প্ৰথমবাৰৰ বাবে ১৬ ছেপ্টেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শেহতীয়াকৈ এম এ আই -এ ১৬ ছেপ্টেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস হিচাপে ঘোষণা কৰাৰ সমান্তৰালকৈ উক্ত দিনটোত সকলো চিনেমাৰ টিকটৰ মূল্য ৭৫ টকা ধাৰ্য্য কৰা হৈছে বুলিও ঘোষণা কৰে । সেই সন্দৰ্ভত এম এ আইৰ সভাপতি কমল জিয়ান চান্দানীয়ে কয় যে , এই ৭৫ টকা টিকটৰ প্ৰস্তাৱ সকলো মূলসুঁতিৰ ফৰ্মেটত প্ৰযোজ্য হ’ব । অৱশ্যে এই সুবিধা বিলাসী ফৰ্মেটসমূহ অন্তৰ্ভুক্ত নহ’ব যদিও সেইসমূহ ৰেহাই মূল্যত উপলব্ধ হ’ব বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে , আমেৰিকা,ইউকে আৰু ইউৰোপীয় দেশতো একেধৰণে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস পালন কৰে । বৰ্তমান ভাৰতেও এই সেই ব্যৱস্থা অনুকৰণ কৰি প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সভাপতি গৰাকীয়ে উক্ত দিনটোত চিনেমা চাবলৈ নহা লোকসকলো ছবিগৃহলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে । ভাৰতীয় চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা উদ্দেশ্য আই এ এম -য়ে গ্ৰহণ কৰা এই পদক্ষেপক লৈ ভাৰতীয় চিনেমা উদ্যোগত এতিয়া এক উৎসাহজনক পৰিবেশে বিৰাজ কৰিছে ।

Exit mobile version