INDIAN CINEMA ৭৫ টকাত উপলব্ধ হ’ব টিকট আলমআৰা ,ৰজা হৰিশ্চন্দ্ৰৰ পৰা আৰম্ভ কৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এক ইতিহাস আছে । এই বৰ্ণিল ইতিহাসক ধৰি ৰখাৰ উদ্দেশ্যে ভাৰতীয় চিনেমা উদ্যোগত প্ৰথমবাৰৰ বাবে ১৬ ছেপ্টেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শেহতীয়াকৈ এম এ আই -এ ১৬ ছেপ্টেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস হিচাপে ঘোষণা কৰাৰ সমান্তৰালকৈ উক্ত দিনটোত সকলো চিনেমাৰ টিকটৰ মূল্য ৭৫ টকা ধাৰ্য্য কৰা হৈছে বুলিও ঘোষণা কৰে । সেই সন্দৰ্ভত এম এ আইৰ সভাপতি কমল জিয়ান চান্দানীয়ে কয় যে , এই ৭৫ টকা টিকটৰ প্ৰস্তাৱ সকলো মূলসুঁতিৰ ফৰ্মেটত প্ৰযোজ্য হ’ব । অৱশ্যে এই সুবিধা বিলাসী ফৰ্মেটসমূহ অন্তৰ্ভুক্ত নহ’ব যদিও সেইসমূহ ৰেহাই মূল্যত উপলব্ধ হ’ব বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে , আমেৰিকা,ইউকে আৰু ইউৰোপীয় দেশতো একেধৰণে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস পালন কৰে । বৰ্তমান ভাৰতেও এই সেই ব্যৱস্থা অনুকৰণ কৰি প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সভাপতি গৰাকীয়ে উক্ত দিনটোত চিনেমা চাবলৈ নহা লোকসকলো ছবিগৃহলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে । ভাৰতীয় চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা উদ্দেশ্য আই এ এম -য়ে গ্ৰহণ কৰা এই পদক্ষেপক লৈ ভাৰতীয় চিনেমা উদ্যোগত এতিয়া এক উৎসাহজনক পৰিবেশে বিৰাজ কৰিছে ।