বহিৰাগত নেতাৰ শোষণ নামানে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ (KLO) মুখ্য সেনাধক্ষ্য জীৱন সিঙহই

WhatsApp Image 2022 09 04 at 18.57.39

কোনো বহিৰাগত নেতাৰ শোষণ নামানে কমতাপুৰ লিবাৰেছন অৰ্গানাজেছন চমুকৈ কেএলঅ’ৰ সেনাধ্যক্ষ জীৱন সিঙহই । আজি সংবাদ মাধ্যমলৈ নিজ মাতৃভাষা কোঁ‌চৰাজবংশী ভাষাৰ অডিঅ’ বাৰ্তাত এই অভিযোগ উত্থাপন কৰে ।

কেএলঅ’ৰ সেনাধ্যক্ষ জীৱন সিংহই কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৰাজবংশী জনজাতিৰ বিৰুদ্ধে একপক্ষীয়ভাৱে দমন নীতি চলাইছে পশ্চিমবংগত । এই দমন নীতি আৰু বহিৰাগত নেতাৰ শোষণ নামানে বুলিও প্ৰকাশ কৰে কেএলঅ’ অধ্যক্ষ জীৱন সিঙহই ।

উক্ত অডিঅ’ বাৰ্তাতেই কয় যে কোচ কামতাপুৰিৰ এই স্থান কোচবিহাৰ বা কামতাপুৰ, যি নামেই নামাকৰণ নহওক কিয় কাৰো দমন পিৰণ মানি লোৱা নহ’ব । কেন্দ্ৰীয় চৰকাৰ কোচবিহাৰ নামৰ ৰাজ্য পাতিবলৈ সাজু । এই স্থানৰ প্ৰায় সকলো জাতি জনগোষ্ঠী পৃথক ৰাজ্য গঠনত পক্ষপাতী । এই ক্ষেত্ৰত মমতা চৰকাৰৰ স্বীকৃতি বা বাধা দিবলৈ কোন বুলিও প্ৰশ্ন উত্থাপন কৰে ।

কলকাতা চৰকাৰ কোচবিহাৰ বা কামতাপুৰৰ শত্ৰু বুলিও উল্লেখ কৰে । লগতে কয় যে কলকাতা চৰকাৰ সামৰাজ্যবাদী, শাসকৰ দল, সাম্প্ৰদায়িক, ৭৫ বছৰ ধৰি কোচ কমতাপুৰৰ জনগনৰ ওপৰত দমন, নিপীৰণ নীতি চলাই আহিছে । কোচ কমতাপুৰৰ জনগন মমতাৰ ছাঁ চাব নিবিচাৰে । কোচ কমতাপুৰত আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে আমি আক্ৰমণ কৰিম, আমি ছাৰখাৰ কৰি দিম, আমি যুদ্ধ কৰিম বুলিও সকীয়নি দিয়ে ।

Exit mobile version