Catwalk : ছুইমিং পুলৰ তলত উলোটাকৈ খোজকাঢ়ি চমক লগালে এগৰাকী যুৱতীয়ে

krista ss 487x321 1

ছুইমিং পুলত ফ্রিষ্টাইল, বাটাৰফ্লাই ইত্যাদি নানা ভংগিমাত সাঁতুৰ দেখা গৈছে । কিন্তু পানীৰ তলত উলোটা খোজকঢ়া দৃশ্য ইয়াৰ পূৰ্বে হয়তো কেতিয়াও দেখা নাই । তাকো হাই হিল ছেণ্ডেল পিন্ধি ‘কেটৱাক’ ! তেনেকুৱাই এটা দৃশ্য প্রকাশ্যত অহাৰ পাছত নেটাগৰিক থৰ হৈ পৰিছে ।

ছুইমিং পুলৰ তলত কেটৱাক কৰা যুৱতীগৰাকী হৈছে ক্রিষ্টিনা মাকুশেংকো । ছিংক্র’নাইজড ছুইমিঙত চাৰিবাৰৰ বিশ্ব চেম্পিয়ন । ইনষ্টাগ্রাম প্র’ফাইলত এই ভিডিঅ’ শ্বেয়াৰ কৰিছে ক্রিষ্টিনাই ।

ভিডিঅ’ত দেখা গৈছে, ছুইমিং পুলৰ পানীৰ তলত ক্রিষ্টিনা । হিল পিন্ধি পানীত আৰু মূৰটো ছুইমিং পুলৰ মাজ দিশে । এই ভংগিমাতে তেওঁক খোজকঢ়া দেখা গ’ল । কিছু সময় খোজকঢ়াৰ পাছত ১৮০ ডিগ্রী ঘূৰি যায় । তাৰ পাছত কান্ধত এটা বেগ লৈ পানীৰ তলত হিল পিন্ধিয়ে খোজকাঢ়ে ।

এই দৃশ্য দেখি স্তম্ভিত হৈছে নেটাগৰিক । কেনেদৰে সম্ভৱ হ’ল, বহু প্রশ্নও উত্থাপন কৰিছে । অৱশ্যে ক্রিষ্টিনা যিহেতু ছিংক্ৰ’নাইজড ছুইমিঙত অভ্যস্ত, সেয়ে এই ধৰণৰ ষ্টান্ট তেওঁ সহজেই কৰিব পাৰিছে ।

ক্রিষ্টিনাৰ প্রায় সাত লাখ ইনষ্টাগ্রাম অনুগামী আছে । মাজে মাজে তেওঁ সাঁতুৰৰ ভিডিঅ’ শ্বেয়াৰ কৰে । প্ৰতিবেদতো লিখা পৰ্যন্ত তেওঁৰ এই ভিডিঅ’ ইতিমধ্যে চাৰে পাঁচ কোটি লোকে চাইছে ।

Exit mobile version