Social Media Paid Services : হোৱাটছ‌এপ্, ফেচবুক ব্যৱহাৰ কৰিবলৈ দিব লাগিব অৰ্থ ! কি কয় কোম্পানিয়ে ?

5f4fa6f6e6ff30001d4e694b

বিনামূল্যে মেটা ব্যৱহাৰৰ দিন শেষ ! হোৱাটছ‌এপ্, ফেচবুক ব্যৱহাৰ কৰিবলৈ দিব লাগিব টকা । সম্প্রতি এটা প্রতিবেদনত প্ৰকাশ্যত আহিছে এই তথ্য । তাত কোৱা হৈছে হোৱাটছ‌এপ্, ফেচবুক, ইনষ্টাগ্রামে এইবাৰ ‘পেইড ছার্ভিচ’ দিব ।

Social Media Paid Services : হোৱাটছ‌এপ্ এটা বৃহত্তম মেছেজিং এপ্ যি আজি বিশ্বব্যাপী ব্যৱহৃত হৈছে । তদুপৰি ফেচবুক আৰু ইনষ্টাগ্রামৰ দৰে বহুল ব্যৱহৃত জনপ্রিয় সামাজিক মাধ্যম এপ্ । কিছু সময় পূৰ্বে এই তিনিটা এপ্ একত্রিত কৰি এটা কোম্পানি গঠন কৰা হৈছিল, যাৰ নাম আছিল মেটা । মেটা নিজেই হোৱাটছ‌এপ্, ইনষ্টাগ্রাম আৰু ফেচবুক চলায় ।

Meta Paid Services : কি ঘোষণা কৰিছে মেটাই ?
মেটাই ঘোষণা কৰিছে, সম্প্ৰতি এই তিনিটা এপৰ বাবে পেইড সেৱা আনিব কোম্পানিয়ে । আগন্তুক দিনত কিছু টকা লৈ ব্যৱহাৰকাৰীসকলক উন্নত ফিচাৰ দিব সংস্থাই । ইয়াৰ বাবে কোম্পানিয়ে এটা নতুন প্রডাক্ট কাম্পানি প্রতিষ্ঠা কৰিছে । যিয়ে ফেচবুক, ইনষ্টাগ্রাম আৰু হোৱাটছ‌এপত অর্থ সেৱা বৈশিষ্ট্যসমূহৰ বাবে কাম কৰিব । এই ইউনিটৰ প্রধান হ’ব প্রতিতী ৰায়চৌধুৰী, তেওঁ ইয়াৰ পূৰ্বে মেটাৰ গৱেষণা প্রধান আছিল ।

Social Media Paid Services : কোম্পানিৰ পৰিকল্পনাৰ বিৱৰণ
এক প্রতিবেদনত কোৱা হৈছে, মেটা কোম্পানি নিউ মনিটাইজেছন এক্সপেৰিয়েন্স নামে এটা নতুন বিভাগ তৈয়াৰ কৰিছে । এই বিভাগৰ কাম হ’ব ফেচবুক, ইনষ্টাগ্রাম এপছত হোৱাটছ‌এপৰ বাবে অর্থপ্রদানৰ বৈশিষ্ট্যসমূহত জোৰ দিয়া । এই কাম আৰু এই বিভাগৰ নেতৃত্ব দিব প্রতীতি ৰায়চৌধুৰীয়ে । অৱশ্যে এয়ে প্রথম কোম্পানিয়ে পেইড বৈশিষ্ট্য সম্পর্কে তথ্য প্রকাশ কৰিছে তেনে নহয় । অতীততো কোম্পানিয়ে এইসমূহ বিষয়ত মাত মাতিছে । কিন্তু এই ফিচাৰসমূহ কেনেকুৱা হ’ব সেই সম্পর্কত এই পর্যন্ত কোনো তথ্য জনোৱা নাই কোম্পানিয়ে । প্রতিবেদনত মেটাৰ বিজ্ঞাপন আৰু ব্যৱসায়িক পণ্যৰ প্রধান জন হেগমেনৰ স’তে এটা সাক্ষাৎকাৰ প্রকাশ কৰা হৈছে ।

Meta Paid Services : অন্যান্য ছ’চিয়েল মিডিয়া এপ্‌বোৰে ইতিমধ্যে পেইড সেৱা অফাৰ কৰে ৷ অন্যান্য ছ’চিয়েল মিডিয়া কোম্পানি যেনে স্নেপচাট আৰু টুইটাৰে ইতিমধ্যে ব্যৱহাৰকাৰীসকলক অর্থৰ মাধ্যমত সেৱা অফাৰ কৰে । পেইড সেৱাসমূহত এই এপ্‌বোৰে ব্যবহাৰকাৰীসকলক স্নেপচাট প্লাছ আৰু টুইটাৰে ব্লু নামে সেৱা সৰবৰাহ কৰে । এই সেৱাৰ মাধ্যমত এই এপ্‌সমূহৰ সংস্থাই তাৰ ব্যৱহাৰকাৰীসকলক বহু বিশেষ বৈশিষ্ট্য প্ৰদান কৰে ।

Social Media Paid Services : স্নেপচাট, টুইটাৰ আৰু মেটাৰ দৰে সকলো ছ’চিয়েল মিডিয়া এপৰ আয় অধিকাংশ ডিজিটেল বিজ্ঞাপনৰ পৰা আহে, যিবোৰে ব্ৰেণ্ডিং আৰু বিপণনৰ বাবে ব্যবহাৰকাৰীসকলক প্ৰেৰণ কৰা হয় । যদি মেটাই ব্যবহাৰকাৰীসকলক পেইড ছার্ভিচ বৈশিষ্ট্য প্রদান কৰে, তেনেহ’লে তেওঁলোকে বিজ্ঞাপন অবিহনেই তেওঁলোকৰ আয় বৃদ্ধি কৰিবলৈ সক্ষম হ’ব । সম্প্রতি স্নেপচাটে Snapchat + ছাবস্ক্রিপছন সেৱা আৰম্ভ কৰিছে, যাৰ বাবে ব্যবহাৰকাৰীসকলে প্রতি মাহে কোম্পানিক ৪৯ টকা দিব লাগিব । আনহাতে, টুইটাৰে ইতিমধ্যে ছাবস্ক্রিপছন পণ্য সৰবৰাহ কৰি, অর্থাৎ টুইটাৰ ব্লু ব্যবহাৰকাৰীসকলৰ পৰা প্রতি মাহে প্রায় চাৰিশ টকা লয় ।

Exit mobile version