Vijay Deverakonda : বক্স অফিচত ব্যর্থ ‘লাইগাৰ’ৰ নির্মাতাসকলক ছয় কোটি ঘূৰাই দিব বিজয় দেবৰাকোণ্ডাই !

liger movie review 002

‘লাইগাৰ’-ৰ বক্স অফিচ ব্যর্থতাৰ ফলত প্রযোজকসকলক ছয় কোটিৰো অধিক টকা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে বিজয় দেবৰাকোণ্ডাই । বলিউডৰ এক সূত্র অনুসৰি এই খবৰ । অৱশ্যে কোনো পক্ষ‌ই এতিয়াও এই বিষয়ত মুকলিকৈ একো জনোৱা নাই ।

যোৱা ২৫ আগষ্টত বিজয় দেবৰাকোণ্ডা ঊ অনন্যা পাণ্ডে অভিনীত ‘লাইগাৰ’ প্রেক্ষাগৃহত মুক্তি পাইছে । এশ কোটিৰো অধিক বাজেটত এই ছবি নিৰ্মাণ হৈছিল । দক্ষিণী ছুপাৰষ্টাৰ বিজয়ৰ এইটোৱে আছিল বলিউডত প্রথম কাম । কিন্তু ছবিটোৱে বক্স অফিচত ভাল ব্যৱসায় কৰিব নোৱাৰে । কার্যত মুখ থেকেছা খাইছে পৰিচালক পুৰী জগন্নাধৰ ‘লাইগাৰ’ ।

সূত্র অনুসৰি, বলিউডৰ প্রথম ছবিৰ এই ব্যর্থতাই বিজয়ক কঁপাই তুলিছে । তেওঁ তেওঁৰ পাৰিশ্রমিকৰ মোটা অংশৰ টকা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে । এই ছবিৰ প্রযোজকসকল হৈছে, কৰণ জোহৰ, পু্ৰী জগন্নাধ, চার্মি কৌৰ আৰু অপূর্ব মেহতা । তেওঁলোক সকলোৱে বিপুল ক্ষতিৰ সন্মুখীন হৈছে । কঠিন সময়ত তেওঁলোকক সহায় কৰাৰ সিদ্ধান্ত লৈছে বিজয়ে ।

বলিউডত প্রথম ছবিক লৈ আৰম্ভণিৰ পৰাই উৎসাহী আছিল বিজয় দেবৰাকোণ্ডা । ছবিখন মুক্তিৰ পূৰ্বে তেওঁৰ সাফল্যক লৈ তেওঁ এক প্রকাৰ নিশ্চিত আছিল । আনকি যিসকলে সম্প্ৰতি বলিউড বয়কটৰ আহ্বান জনাইছে, তেওঁলোককো কার্যত প্ৰত্যাহ্বান দিছিল এই দক্ষিণী তাৰকাই । তাৰ পাছতো ‘লাইগাৰ’-ত লক্ষ্মীলাভ নহ’ল । সেই হতাশাতেই বিজয়ে টকা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি ধাৰণা বহুতৰ ।

Exit mobile version