তথাপি উদ্বেগ-অস্থিৰতা কিয় ?

প্ৰাঞ্জলসেন ডেকা

Screenshot 425

দৰাচলতে খবৰটোৱে দেশবাসীক উদ্বেলিত কৰিয়েই তুলিব লাগিছিল । দেশৰ শীৰ্ষ নেতাসকলৰ জয়গান আৰম্ভ হ’ব লাগিছিল; কিন্তু তেনে কোনো পৰিৱেশৰ সৃষ্টি নহ’ল । যোৱা শুকুৰবাৰে প্ৰকাশিত তথ্য অনুসৰি ব্ৰিটেইনক পিছ পেলাই বিশ্বৰ পঞ্চম সবৰ্বৃহৎ অৰ্থনীতিৰূপে পৰিগণিত হৈছে ভাৰত । সেই ব্ৰিটেইন, যিয়ে প্ৰায় দুশ বছৰ কাল আমাক গোলামৰূপে শাসন কৰি গৈছে ।

আন্তৰ্জাতিক মুদ্ৰা নিধি (আই এম এফ)য়ে বিভিন্ন দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ পৰিসংখ্যাসহ যি তালিকা প্ৰকাশ কৰিছে, তাত ব্ৰিটেইন আছে ষষ্ঠ স্থানত । বিগত কেইমাহমান ধৰি ৰাজনৈতিক অস্থিৰতা চলি আহিছে ব্ৰিটেইনত । বিভিন্ন কাৰণত বৰিছ জনছনে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱাত তেওঁৰ উত্তৰসূৰী কোন হ’ব তাক লৈও সীমাহীন জল্পনা-কল্পনা অব্যাহত আছে ।

অৱশ্যে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ হ’ব নে ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক হ’ব সেয়া এই সোমবাৰেই প্ৰকাশ পাব । তাৰ পূবেৰ্ই আই এম এফৰ পৰিসংখ্যা প্ৰকাশ পালে । ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী যিয়েই নহওক, অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত যে যথেষ্ট কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব তাত সন্দেহৰ অৱকাশ নাই ।

এতিয়া আমেৰিকা, চীন, জাপান আৰু জাৰ্মানীৰ পাছতে ভাৰত হৈছে বিশ্বৰ সবৰ্বৃহৎ অৰ্থনীতি । যোৱা প্ৰায় এক দশকত একাদশ স্থানৰ পৰা আগবাঢ়ি আহি এই স্থানত উপনীত হৈছে ভাৰত । ২০২১ৰ অন্তিম ত্ৰিমাসিকত বৃহৎ জাপ মাৰি ব্ৰিটেইনক পিছ পেলাবলৈ সক্ষম হৈছে ভাৰতীয় অৰ্থনীতিয়ে । বিভিন্ন পি]সংখ্যা অনুসৰি ক’ভিডপূৰ্ব কালত দীৰ্ঘদিন ধৰি ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি ।

বিশ্ববেংকৰ সাম্প্ৰতিক প্ৰতিবেদনতো কোৱা হৈছে যে চীনক পিছ পেলাই বিশ্বৰ দ্ৰুততম আৰ্থিক বৃদ্ধিৰে আগবাঢ়ি যোৱা অৰ্থনীতিৰ খিতাপ লাভ কৰিবলৈ অগ্ৰসৰ হৈছে ভাৰত । চলিত¸ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক অৰ্থাৎ যোৱা এপ্ৰিলৰ পৰা জুনলৈ ভাৰতৰ অৰ্থনীতি ১৩.৫ শতাংশ হাৰত বৃদ্ধি হৈছে । যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত যোৱা ত্ৰিমাসিকত জিডিপিৰ হাৰ ১৩.৫ শতাংশ বাঢ়িছে ।

প্ৰতিবেদনত কোৱা হৈছে যে ক’ভিড মহামাৰীৰ আঘাত আঁতৰাই দেশৰ অৰ্থনীতিয়ে পুনৰ গতি লাভ কৰিছে । ক’ভিড কালত বিধ্বস্ত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহে সুফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

জিডিপি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ পৰাই এখন দেশৰ অৰ্থনীতিৰ অৱস্থা নিৰ্ণয় কৰা হয় । এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ মুঠ বজাৰ মূল্যকে জিডিপি বোলা হয় । বিত্তীয় বৰ্ষ (এপ্ৰিল-মাৰ্চ)ৰ প্ৰতি তিনিমাহত জিডিপি গণনা কৰা হয় । গতিকে জিডিপিৰ গতি মন্থৰ অথবা দ্ৰুত হোৱালৈ লক্ষ্য কৰি সংশ্লিষ্ট দেশৰ আৰ্থিক পৰিস্থিতি নিৰ্ধাৰণ কৰা হয় । যোৱা এক দশকৰ জিডিপিলৈ লক্ষ্য কৰিলে দেখা যায় যে ক’ভিড কালছোৱাৰ বাহিৰে ভাৰতৰ গতি উৰ্ধ্বৰ্মুখী হৈয়ে আছে ।

যোৱা ২০১২-১৩ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিৰ পৰিমাণ আছিল ১৮২৭.১৪ বিলিয়ন ডলাৰ আৰু ইয়াৰ বৃদ্ধিৰ হাৰ আছিল ৫.৪৬ শতাংশ । তেনেদৰে ২০১৩-১৪ বৰ্ষত ১৮৫৬.৭২ বিলিয়ন আৰু ৬.৩৯ শতাংশ, ২০১৪-১৫ত ২০৩৯.১৩ বিলিয়ন আৰু ৭.৪১ শতাংশ, ২০১৫-১৬ বৰ্ষত ২১০৩.৫৯ বিলিয়ন আৰু ৮.০ শতাংশ, ২০১৬-১৭ত ২২৯৪.৮০ বিলিয়ন আৰু ৮.২৬ শতাংশ, ২০১৭-১৮ত ২৬৫১.৪৭ বিলিয়ন আৰু ৬.৮০ শতাংশ, ২০১৮-১৯ত ২৭০২.৯৩ত বিলিয়ন আৰু ৬.৫০ শতাংশ, ২০১৯-২০ত ২৮৩১.৫৫ বিলিয়ন আৰু ৩.৭৪ শতাংশ, ২০২০-২১ত ২৬৬৭.৬৯ বিলিয়ন আৰু ৬.৬০ শতাংশ আৰু ২০২১-২২ত ৩১৩.৪০ বিলিয়ন আৰু বৃদ্ধিৰ হাৰ ৮.৯৫ শতাংশ ।

লক্ষ্যণীয় যে ভাৰতীয় অৰ্থনীতিয়ে বিশ্বৰ শীৰ্ষ পঞ্চম স্থান অধিকাৰ কৰাৰ পাছতো সাধাৰণ জনতা বাদেই, শাসক পক্ষৰো উচ্চ-বাচ্য দৃষ্টিগোচৰ হোৱা নাই । মাথোঁ কেইজনমান দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতিয়েহে আহ্লাদিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আগন্তুক কেইবছৰমানৰ ভিতৰতে শীৰ্ষ তিনি স্থানত ভাৰত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰিছে ।

তাৎপৰ্যপূৰ্ণ যে এনেবোৰ পৰিসংখ্যাই দেশৰ জনতাক মুঠেই উৎসাহিত কৰিব পৰা নাই; কাৰণ ই তেওঁলোকৰ জীৱন ধাৰণ সামান্যতমো উন্নত কৰিব পৰা নাই; বৰঞ্চ প্ৰতিটো দিন চৰম অনিশ্চয়তাত কটাবলগীয়া হৈছে । প্ৰতিটো খণ্ডতে বিৰাজ কৰিছে অস্থিৰতাই । শেহতীয়া সময়ছোৱা বিশ্লেষণ কৰিলে ধাৰণা হয় যেন দেশত অস্থিৰতা সৃষ্টিয়েই এক নতুন কৌশলত পৰিণত হৈছে ।

ব্ৰিটেইন বিশ্বৰ বৃহৎ অৰ্থনীতিৰ আকাৰত ভাৰততকৈ পিছ পৰিছে ঠিকেই, কিন্তু সেই দেশৰ জনমূৰি আয় ৪৭ হেজাৰ ডলাৰৰ বিপৰীতে ভাৰতীয়ৰ আয় মাত্ৰ ২৫০০ ডলাৰ । জনমূৰি আয় অৰ্থাৎ প্ৰতিজন নাগৰিকৰ উপাৰ্জনৰ ক্ষেত্ৰত বিশ্বৰ ১৯০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২২ নম্বৰত । গতিকে পৰিস্থিতি সহজে অনুমেয় ।

এনে পৰিস্থিতিত অৰ্থনীতিৰ আকাৰ বৃদ্ধিয়ে আমাৰ জীৱন ধাৰণৰ ওপৰত কি ইতিবাচক প্ৰভাৱ পেলাব ? অৱশ্যে তাৰ বাবে ভাৰতৰ জনসংখ্যাকে জগৰীয়া কৰা হ’ব, যি ব্ৰিটেইনৰ তুলনাত প্ৰায় ২০ গুণ অধিক । ইয়াৰ বিপৰীতে এই দেশৰে মুষ্টিমেয় উদ্যোগপতিয়ে নিচেই কম সময়তে হেজাৰ হেজাৰ গুণ আয় বৃদ্ধি কিৰি বিশ্বৰ শীৰ্ষ স্থানত উপবিষ্ট হ’বলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠৰূপে পৰিচিত গৌতম আদানী আনকি শেহতীয়াভাৱে বিশ্বৰ তৃতীয় সৰ্বাধিক আঢ্যৱন্ত ব্যক্তিত পৰিণত হৈছে ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানীয়েও শীৰ্ষৰ ১০টা স্থানৰ ভিতৰত অৱস্থান কৰিছে । এনে কিছু সংখ্যক উদ্যোগপতি-ব্যৱসায়ীক মোদী চৰকাৰে বিভিন্ন বেংকৰ ১০ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়াক লৈ বিতৰ্কৰো সূত্ৰপাত হৈছে । অথচ দেশৰ প্ৰধান কে’বাটাও বেংকে অসমৰ পৰা সংগৃহীত জমাৰ অৰ্ধেকো এই ৰাজ্যত ঋণ নিদিয়ে বুলি চৰকাৰী প্ৰতিবেদনতে প্ৰকাশ পাইছে ।

তদুপৰি ব্যৱসায় আদিৰ বাবে গ্ৰহণ কৰা কেইলাখমান টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ-মাটি হেৰুৱাবলগীয়া হোৱা জাননীৰ দ্বাৰা প্ৰায় প্ৰতিদিনে প্ৰতিখন বাতৰি কাকত ভৰি থকাটো নিয়মত পৰিণত হৈছে । অথচ আদানী গোটৰ ঋণৰ পৰিমাণ যোৱা পাঁচ বছৰত এক ট্ৰিলিয়ন ডলাৰৰ পৰা ২.৬ ট্ৰিলিয়নলৈ বৃদ্ধি পাইছে ।

চৰকাৰী তথ্য অনুসৰিয়েই পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সদ্যসমাপ্ত আগষ্টতো ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধি পাই ২৮.৬৮ বিলিয়ন ডলাৰ হৈছে । যোৱা মাহটোত আমদানি ৩৭ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ৰপ্তানি স্থিৰ হৈয়ে ৰয় । ফলস্বৰূপে দেশৰ বাণিজ্যিক ঘাটি দুগুণৰো অধিক বৃদ্ধি পাইছে, যি যোৱা বছৰৰ আগষ্টত ১১.৭১ বিলিয়ন ডলাৰ আছিল । এই বছৰ আগষ্টত আমদানি ৩৭ শতাংশ বৃদ্ধি পাই ৬১.৬৮ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ৰপ্তানি ৩৩ বিলিয়ন ডলাৰতে আৱদ্ধ হৈ ৰয় ।

চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত দেশৰ ৰপ্তানি ১৭.১২ শতাংশ বৃদ্ধি হৈ ১৯২.৫৯ বিলিয়ন ডলাল হোৱাৰ বিপৰীতে আমদানি আকাশলংঘী ৪৫.৬৪ শতাংশ বৃদ্ধি হৈ ৩১৭.৮৯ বিলিয়ন ডলাৰ হৈছে । অৰ্থাৎ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহতে ভাৰতৰ বাণিজ্যিক ঘাটি ১২৫.২২ ডলাৰ বৃদ্ধি পায়, যিটো যোৱা বছৰ একে সময়ছোৱাত ই ৫৭.৭৮ বিলিয়ন ডলাৰ আছিল ।

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ প্ৰথম ত্ৰিমাসিকত দেশৰ বাণিজ্যিক ঘাটি দুগুণতকৈও অধিক বৃদ্ধি পাই ৭০.২৫ বিলিয়ন ডলাৰ হয়, যিটো যোৱা বছৰ একে সময়ছোৱাত ই ৩১.৪২ বিলিয়ন ডলাৰ আছিল । বহিঃৰাষ্ট্ৰৰ পৰা বিভিন্ন সা-সামগ্ৰী আমদানিত এনে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হৈছে । এনে বৃহৎ বাণিজ্যিক ঘাটি যে দেশৰ অৰ্থনীতিলৈ গভীৰ প্ৰত্যাহ্বান তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন; কিয়নো বিদেশী মুদ্ৰা ভাণ্ডাৰ দ্ৰুতগতিত হ্ৰাস পোৱাৰ ই হৈছে প্ৰধান কাৰণ । ৰপ্তানি আশানুৰূপভাৱে বৃদ্ধি কৰিব নোৱাৰা পৰ্যন্ত এই আশংকা ৰৈয়ে যাব ।

একেদৰে কৰ্মসংস্থাপনহীনতাই দেশত অভিলেখ স্থাপন কৰিছে । এই আগষ্টত দেশত নিবনুৱাৰ হাৰ এবছৰ সৰ্বাধিক ৮.৩ শতাংশলৈ বৃদ্ধি পাইছে; কিয়নো এই মাহত কৰ্মসংস্থাপন ২০ লাখ হ্ৰাস পাই ৩৯ কোটি ৪৬ লাখ হৈছে । জুলাইত কৰ্মসংস্থাপন ৩৯.৭ কোটিৰ বিপৰীতে নিবনুৱাৰ হাৰ আছিল ৬.৮ শতাংশ । সাধাৰণতে নগৰীয়া নিবনুৱাৰ হাৰ প্ৰায় আঠ শতাংশ হোৱাৰ বিপৰীতে গ্ৰাম্য নিবনুৱা সাত শতাংশৰ আশে-পাশে থাকে; কিন্তু আগষ্টত নগৰীয়া কৰ্মহীনৰ হাৰ ৯.৬ শতাংশলৈ বৃদ্ধিৰ সমান্তৰালভাৱে গ্ৰাম্য নিবনুৱা ৭.৭ শতাংশলৈ বৃদ্ধি পায় বুলি চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমীয়ে সদৰী কৰিছে ।

গতিকে নিয়োগৰ ক্ষেত্ৰখনৰো অতি উদ্বেগজনক ৰূপ এই তথ্যই দাঙি ধৰে । ফলস্বৰূপে কৰ্মসংস্থাপনহীনসকল, বিশেষকৈ যুৱক-যুৱতীসকল গভীৰ অনিশ্চয়তাত ভুগিবলগীয়া হোৱাটো অৱধাৰিত হৈ পৰিছে । ফলস্বৰূপে যুৱসমাজৰ মাজত অস্থিৰতা পৰিলক্ষিত হৈছে । চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি কৈ আহিছে যদিও কাৰ্যক্ষেত্ৰত কিন্তু পৰিস্থিতিৰ উন্নতি হোৱা নাই ।

তেনেদৰেই ব্যৱসায়িক ক্ষেত্ৰখনতো প্ৰথমে বিমুদ্ৰাকৰণ আৰু পাছত জিএছটি প্ৰৱৰ্তনৰে হতাশা আৰু অনিশ্চয়তা চপাই অনা হৈছে । চৰকাৰৰ ভুল নীতিৰ বাবেই দেশত লাখ লাখ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ-বাণিজ্য বন্ধ হৈছে । ভাৰত বিশ্বৰ পঞ্চম সবৰ্বৃহৎ অৰ্থনীতি হ’লেও এইসকলে জানো নিজৰ স্থিতি উন্নত কৰিবলৈ সক্ষম হৈছে ?

সন্দেহ নাই যে কেৱল ব্যৱসায়-বাণিজ্য অথবা কৰ্মসংস্থানৰ ক্ষেত্ৰতে নহয়, দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰতো এনেদৰে অস্থিৰতা বিৰাজ কৰিছে যে সমগ্ৰ পৰিৱেশ দূষিত হৈ পৰিছে । সাম্প্ৰদায়িক মেৰুকৰণে ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰাৰ ফলস্বৰূপে কেৱল সংখ্যালঘুৱেই নহয়, সংখ্যাগুৰু জনতায়ো অশান্তিত ভুগিবলগীয়া হৈছে । অতিশয় লক্ষ্যণীয় দিশ এয়ে যে আনকি চৰকাৰত থকাসকলেও ক্ষমতা লাভৰ পাছতো অস্থিৰতাত ভুগিছে ।

অ-বিজেপি শাসিত প্ৰতিখন ৰাজ্য চৰকাৰ কোন মুহূৰ্তত ক্ষমতাচ্যুত হ’বলগীয়া হয়, তাকে লৈ প্ৰতি মুহূৰ্ততে শংকাত ভুগিছে । নিৰ্বাচনত জয়ৰ পাছতো দলক ঐক্যৱদ্ধ কৰি ৰখাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ধনবলৰ ৰাজনীতিৰ সন্মুখত । তেনেদৰেই বিজেপিৰ সহযোগী দলসমূহকো কৌশলৰে দুবৰ্ল কৰি পেলোৱা হৈছে ।

আন বাদেই, স্বয়ং বিজেপিৰে গৰিষ্ঠ সংখ্যক নেতা-মন্ত্ৰীও অস্থিৰতাত ভুগিছে । নিজৰ পদত কিমান দিনলৈ তিষ্ঠি থাকিব পাৰে তাৰ নিশ্চয়তা নাইকিয়া হৈছে । গতিকে এনেদৰে অস্থৰিতা সৃষ্টিকেই ভাৰতীয় ৰাজনীতিৰ নতুন কৌশলৰূপে পৰিচালনা কৰা হৈছে । সেয়েহে অৰ্থনীতিৰ আকাৰ বৃদ্ধিয়েও সাধাৰণ দেশবাসীলৈ সকাহ কঢ়িয়াই আনিব বুলি আশা কৰিব নোৱাৰা হৈছে ।

Exit mobile version